মাজুলী, 10 ছেপ্টেম্বৰঃ সোমবাৰে নিশা মাজুলীৰ বনগাঁৱত এক কৰুণ ঘটনা সংঘটিত হয় ৷ নিশা অহা এজাক বতাহ বৰষুণত মাজুলী বনগাঁও ছোৱালী হাইস্কুলৰ সমীপৰ কেবাজোপা গছত বাস কৰা শামুকভঙা চৰাই জাকটোৰ 150টাৰো অধিক পোৱালি গছৰ পৰা পৰি মৃত্যু হয় ৷
ইমান বৃহৎ সংখ্যক পক্ষীৰ মৃত্যু আৰু আহত হোৱাত স্থানীয় লোকসকলে শোক প্ৰকাশ কৰে ৷