ETV Bharat / state

বিৰ্তকই লগ এৰা নাই সত্ৰ নগৰী মাজুলী, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰেছ বিবৃতি

author img

By

Published : Sep 22, 2019, 5:06 AM IST

মাজুলী খ্ৰীষ্টান ঐক্য মঞ্চৰ স্বয়ম্ভু নেতা প্ৰশান্ত পায়েঙে মাজুলীত বসবাস কৰা অসমীয়া হোজা লোক সকলক বিভিন্ন প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰাৰ গুৰুতৰ অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ৷

বিৰ্তকই লগ এৰা নাই সত্ৰ নগৰী মাজুলী, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰেছ বিবৃতি

কোকৰাঝাৰ, 22 ছেপ্টেম্বৰঃ সত্ৰ নগৰী মাজুলীত হিন্দু ধৰ্মৰ ওপৰত একাংশ ধৰ্মান্ধই চলাইছে সন্ত্ৰাস ৷ সত্ৰৰ ভূমি দখল আৰু অবাধ গতিত গীৰ্জা প্ৰতিষ্ঠা কৰি শংকৰী আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি সৃষ্টি কৰিছে ভাবুকি ৷ এই অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ ৷ শনিবাৰে সংগঠনটোৱে প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰি কয় যে, মাজুলী খ্ৰীষ্টান ঐক্য মঞ্চৰ স্বয়ম্ভু নেতা প্ৰশান্ত পায়েঙে মাজুলীত বসবাস কৰা অসমীয়া হোজা লোক সকলক বিভিন্ন প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰিছে ৷ ইয়াৰোপৰি চৰকাৰী ভূমি দখল কৰি গীৰ্জা আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছে ৷ লগতে মাজুলীৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে বিনা কাৰণত অভিযোগ আনি সত্ৰাধিকাৰৰ লগতে সমগ্ৰ মাজুলীবাসীৰ ওপৰতো ধৰ্মীয় সন্ত্ৰাস নমাই আনিছে বুলি অভিযোগ কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷ সেয়ে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিয়ে প্ৰশান্ত পায়েঙৰ বিৰুদ্ধে আইনী গোচৰ ৰুজু কৰাৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈও আহ্বান জনাইছে ৷

Intro:মাজুলীত হিন্দু ধৰ্মৰ ওপৰত এচাম ধৰ্মীয় উন্মাদৰ সন্ত্ৰাস !

কোকৰাঝাৰ থানাত গোচৰ তৰিল হিন্দু যুৱ ছাত্ৰ পৰিষদে

কোকৰাঝাৰ ২১ চেপ্তেম্বৰ: অসমৰ সত্ৰ নগৰীৰূপে পৰিচিত মাজুলীত এচাম উগ্ৰ ধৰ্মান্তৰ লোকে শংকৰী আৰু বৈষ্ণৱ ধৰ্মৰ ওপৰত সন্ত্ৰাস চলোৱাৰ উপৰি সত্ৰৰ ভূমি দখলৰে অবাধ গতিত গীৰ্জা প্ৰতিষ্ঠা কৰাৰ বিৰুদ্ধে গৰজি উঠিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমে ৷

Body:আজি হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বসন্ত দাসে এক বিবৃতিত মাজুলীত হিন্দু ধৰ্মৰ ওপৰত "মাজুলী খ্ৰীষ্টান ঐক্য মঞ্চ"ৰ একাংশই খ্ৰীষ্ট ধৰ্মীয় উন্মাদৰে হিন্দু ধৰ্মৰ ওপৰত সন্ত্ৰাস চলোৱাৰ উপৰি সত্ৰৰ ভূমি,চৰকাৰী ভূমি দখলৰে গীৰ্জা ঘৰ সজোৱা আৰু চৰকাৰী  স্বাস্থ্য কেন্দ্ৰ দখলৰে ইংৰাজী বিদ্যালয় স্থাপন কৰা গুৰুতৰ অভিযোগ তোলে ৷ বিবৃতিত মাজুলী খ্ৰীষ্টান ঐক্যমঞ্চৰ স্বয়ম্ভু নেতা প্ৰশান্ত পায়েংই মাজুলীৰ অসমীয়া হোজা লোকক বিভিন্ন প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মান্তৰ কৰা আৰু বিশেষকৈ শংকৰী বৈষ্ণৱ সংস্কৃতিৰ ওপৰত ধৰ্মীয় আঘাত হানাৰ অভিযোগৰ আঙুলি টোৱাই হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমে ৷

Conclusion:উল্লেখ্য যে সত্ৰ নগৰী মাজুলিত হিন্দু ধৰ্মৰ লোকৰ ওপৰত ধৰ্মান্তৰকলৈ সন্ত্ৰাস চলোৱা "মাজুলী খ্ৰীষ্টান ঐক্যমঞ্চ"ৰ নেতা প্ৰশান্ত পায়েংৰ বিৰুদ্ধে আজি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা কোকৰাঝাৰ সদৰ থানাত গোচৰ তৰা বুলি পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বসন্ত দাসে সদৰী কৰিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.