ETV Bharat / state

Ayurvedic Hospital in Majuli: মাজুলীৰ নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ - আয়ুৰ্বেদিক চিকিৎসালয়

মাজুলীৰ শ্ৰীৰাম চাপৰিৰ নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ (Keshav Mahanta visits Ayurvedic Hospital)৷ ১৫ দিনৰ ভিতৰত চিকিৎসালয়খন উদ্বোধন কৰিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

Ayurvedic Hospital in Majuli
আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
author img

By

Published : Jun 3, 2023, 7:09 PM IST

আয়ুৰ্বেদিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

মাজুলী, 3 জুন: শনিবাৰে মাজুলীৰ শ্ৰীৰাম চাপৰিৰ নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়ত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । আয়ুৰ্বেদিক চিকিৎসালয়খনৰ মুকলিৰ প্ৰাকক্ষণত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰে চিকিৎসালয়খন (Health Minister Keshav Mahanta visits Majuli) । ২০১৭ চনতেই মাজুলীবাসীৰ চিকিৎসাৰ সুবিধা হোৱাকৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰিছিল আয়ুৰ্বেদিক চিকিৎসালয়খনৰ (Ayurvedic Hospital in Majuli)।

চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী কেশৱ মহন্তই মাজুলী শ্ৰীৰাম চাপৰিৰ ৫০ খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খনত নতুনকৈ যোগদান কৰা ডাক্তৰ, নাৰ্ছ আৰু কৰ্মচাৰীসকলৰ লগত মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰি কয় যে, আগন্তুক ১৫ দিনৰ ভিতৰত মুকলি হ’ব আয়ুৰ্বেদিক চিকিৎসালয়ৰ OPD সেৱা (Keshav Mahanta visits Ayurvedic Hospital)।

লগতে পঢ়ক: Inauguration of Gram Panchayat office: মৰাণত গাঁও পঞ্চায়তৰ নৱ-নিৰ্মিত কাৰ্যালয় উদ্বোধন

4 জুনত চিকিৎসালয়খন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ কথা আছিল যদিও আন্তঃগাঁঠনিৰ কিছু বাকী থকা কাম সম্পূৰ্ণ হ’লে মাজুলী ৰাইজৰ সুবিধা হোৱাকৈ ১৫ দিনৰ ভিতৰত চিকিৎসালয়খন উদ্বোধন কৰিব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ ইয়াৰ পিচতে মাজুলীবাসীয়ে চিকিৎসালয়খনত চিকিৎসা সেৱা লাভ কৰিব বুলি জানিব পৰা গৈছে ।

ইয়াৰ লগতে আয়ুৰ্বেদিক চিকিৎসালয়খনৰ বেৰসমূহতত দেখা দিয়া বিসংগতি দূৰ কৰাৰ নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে ৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়খনৰ ডিজাইন কৰা ভুল হৈছে বুলিও সদৰী কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই ৷

আনহাতে মাজুলী ৰেডিঅ'লজিষ্ট নিযুক্তি সন্দৰ্ভত মহন্তই পূৰ্বৰ মন্তব্যকে দোহাৰি কয়, "মাজুলীত চাকৰি কৰিবলৈ লোক নাহে ৷ আমি মাজুলীত পোষ্টিং দিব হে পাৰো কিন্তু ইয়াত কাম কৰিবলৈ কোনেও ইচ্ছা নকৰে । কোনোবা ইচ্ছা থকা ব্যক্তি থাকিলে কওঁক মই এতিয়াই অৰ্ডাৰ কৰি দিম, আপোনালোকৰ চিনাকি কোনোবা মাজুলীলৈ আহিব বিচাৰে নেকি যদি আহিব বিচাৰে আমাক জনাবলৈ অনুৰোধ কৰিছো ৷"

লগতে পঢ়ক: Tense situation for patient death: মৃতকৰ পৰিয়ালক গুৰুলা-গুৰুলকৈ প্ৰহাৰ নাৰ্ছিং হোমৰ নিৰাপত্তাৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.