ETV Bharat / state

দৰিদ্ৰ বীৰেণ শইকীয়াৰ কাষত টীম মাজুলী

author img

By

Published : Jun 4, 2021, 10:43 PM IST

দক্ষিণপাট পুৰণি সত্ৰৰ বাসিন্দা বীৰেন শইকীয়া নামৰ দৰিদ্ৰ লোকজনৰ ঘৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিছে টীম মাজুলীয়ে ৷ দলটোৱে ইতিমধ্যে ঘৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জামসমূহ যোগাৰ কৰিছে ৷

team majuli initiative
টীম মাজুলীৰ সহায়

মাজুলী,4 জুন : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ৰাইজৰ মাজত ৰাজহুৱা গোট ‘টীম মাজুলী’য়ে আগবঢ়াইছে সহায়ৰ হাত ৷ জেপৰ ধন ভাঙি গৃহ নিৰ্মাণ কৰি দিবলৈ আগবাঢ়িছে মাজুলীৰ এই শিক্ষিত যুৱক-যুৱতীৰ দলটোৱে ।

বিগত 25 বছৰে এটি চৰকাৰী বাসগৃহৰ পৰা বঞ্চিত দক্ষিণপাট পুৰণি সত্ৰৰ বাসিন্দা বীৰেণ শইকীয়া নামৰ লোকজনক এটি ঘৰ নিৰ্মাণ কৰি দিব টীম মাজুলীয়ে ৷ টীম মাজুলীৰ মুখ্য আহ্বায়ক প্ৰণৱজ্যোতি কাশ্যপ বৰাই ফেচবুকযোগে প্ৰকাশ কৰা লোকজনৰ দুৰাৱস্থাৰ দৃশ্য প্ৰচাৰ কৰাৰ পাচতে লোকজনৰ ঘৰত উপস্থিত হৈ তেওঁৰ ঘৰটো সম্পূৰ্ণকৈ সাজি দিয়াৰ দায়িত্ব লয় টীম মাজুলীয়ে ।

team majuli initiative
টীম মাজুলীৰ সহায়

টীম মাজুলীৰ সক্ৰিয় সদস্য বিতোপন দলে টিনপাত আগবঢ়ায় দৰিদ্ৰ বীৰেণ শইকীয়ালৈ । আনহাতে, টীমৰ সক্ৰিয় সদস্য জিণ্টু ভূঞাই বাঁহ যোগানৰ দায়িত্ব বহন কৰে । টীম মাজুলীৰ সকলো সদস্যই ভেটি নিৰ্মাণ কৰা লগতে ঘৰটোত শ্ৰমদান কৰি ঘৰটো সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : মৈৰাবাৰীত সাংবাদিকৰ তৎপৰতাত এগৰাকী অসহায় বৃদ্ধক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.