ETV Bharat / state

নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

author img

By

Published : May 7, 2022, 2:22 PM IST

অসমৰ ভিন্ন প্ৰান্তত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam Police raids against banned items)। মাজুলীত চাৰিজনকৈ ড্ৰাগছ আসক্ত যুৱকক আটক । শিৱসাগৰৰ গৌৰীসাগৰত লালী গুড় ভৰ্তি বাহন জব্দ । আৰক্ষীৰ অনুসন্ধান অব্যাহত ।

Assam Police raid
নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

মাজুলী/শিৱসাগৰ,৭ মে' : ড্ৰাগছ আৰু নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। তেনে অভিযানৰ মাজতে এইবাৰ মাজুলীত চাৰিজনকৈ ড্ৰাগছ আসক্ত আৰু সৰবৰাহকাৰীক আটক (Four drug addicts arrested in Majuli)। মাজুলীৰ নয়াবজাৰ টহলদাৰী আৰক্ষীয়ে ৰতনপুৰ মিৰি গাৱঁৰ ৰাইজৰ সহযোগত যুৱক চাৰিজনক আটক কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ সন্দেহত ৰতনপুৰ মিৰি তিনি আলিৰ পৰা আটক কৰা হয় যুৱক কেইজনক ।

যুৱক কেইজনৰ ঘৰ ঢকুৱাখানা চাৰিআলিত বুলি জানিব পৰা গৈছে । তেওঁলোকৰ লগতে নম্বৰ প্লেট বিহীন এখন মটৰ চাইকেল আৰু এখন স্কুটিও আৰক্ষীয়ে জব্দ কৰিছে । আটকাধীন যুৱক কেইজনে স্বীকাৰ কৰা মতে বৰ্তমান ড্ৰাগছ লোৱা নাই যদিও ২০২১ বৰ্ষত লগৰ বন্ধুৰ সৈতে মিলি তেওঁলোকে ড্ৰাগছ সেৱন কৰিছিল । তেওঁলোক বৰ্তমান নিজৰ নিজৰ জীৱিকাৰ সৈতেহে জড়িত বুলি জানিবলৈ দিয়ে ।

ইফালে অসমৰ ভিন্ন প্ৰান্তত নিষিদ্ধ লালী গুড়ৰ প্ৰচলন অব্যাহত আছে । শিৱসাগৰৰ গৌৰীসাগৰত লালী গুড় ভৰ্তি এখন বাহন জব্দ (Molasses seized in Sivsagar)। গৌৰীসাগৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত জব্দ কৰে লালী গুড় ভৰ্তি বলেৰ' পিক আপ বাহনখন । বাহনখনত ১০৮ টিং লালী গুড় আছিল বুলি জানিব পৰা গৈছে ।

নিশা আৰক্ষীৰ অভিযানত জব্দ AS-02-CC-5814 নম্বৰৰ বাহনখন । ঘটনা সন্দৰ্ভত দুজন লোককো আৰক্ষীয়ে আটক কৰিছে । লোক দুজন জহিদুল ইছলাম আৰু ৰহমত আলী বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে তালাচীৰ সময়ত বলেৰ' পিক আপ বাহনখন ৰখাবলৈ সংকেত দিছিল যদিও আৰক্ষীৰ নিৰ্দেশক অমান্য কৰি তীব্ৰ বেগেৰে বাহনখন পলায়ন কৰিছিল । অৱশ্যে আৰক্ষীয়ে খেদি খেদি গৌৰীসাগৰৰ জৰাধৰাত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় । লালী গুড়খিনি হোজাইৰ লংকাৰ পৰা আমগুৰিলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :শিৱসাগৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.