ETV Bharat / state

Foundation Day of AJP : দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন - New polical party in Assam

এবছৰীয়া হ’ল ৰাজনৈতিক দল অসম জাতীয় পৰিষদ ৷ দলটোৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস (Foundation Day of AJP) উদযাপন কৰা হৈছে মাজুলীৰ ৰঙাচাহীত ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই প্ৰতিষ্ঠা দিৱস ৷

foundation-day-of-ajp-celebrated-at-majuli-with-two-days-programme
এবছৰীয়া হ’ল ৰাজনৈতিক দল অসম জাতীয় পৰিষদ
author img

By

Published : Dec 17, 2021, 12:06 PM IST

মাজুলী, 17 ডিচেম্বৰ : বিগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আত্মপ্ৰকাশ ঘটিছিল দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ (New polical party in Assam) ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ নেতৃত্বত জন্ম লাভ কৰা দলটোৰ নাম আছিল ৰাইজৰ দল ৷ বিপৰীতে পূৰ্বৰ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ নেতৃত্বত জন্ম লাভ কৰে অসম জাতীয় পৰিষদে (Lurinjyoti Gogoi led Assam Jatiya Parishad) ৷ 2020 চনৰ 14 ছেপ্তেম্বৰত দলটোৱে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল ৷ এই দলটোৰ মূলমন্ত্ৰ আছিল- অসম প্ৰথম, সদায় আৰু চিৰদিন ৷

অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস

এই অসম জাতীয় পৰিষদৰ এবছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত দলটোৱে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস (Foundation Day of AJP) পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি, নদীদ্বীপ মাজুলীত দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা পালন কৰা হৈছে দলটোৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ অসম জাতীয় পৰিষদ মাজুলী জিলা সমিতিৰ উদ্যোগত তথা ৰঙাচাহী আঞ্চলিক সমিতিৰ সহযোগত সোণাৰীআটী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে দলটোৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷

দুদিনীয়া কাৰ্যসূচীৰ প্ৰথমদিনাৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া জাতীয় সংকল্প শিখা প্ৰজ্বলন কৰা হয় ৷ এই শিখা প্ৰজ্বলন কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ পৰৱৰ্তী সময়ত অনুষ্ঠিত জাতীয় চেতনা সন্মিলন শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে সম্পাদক জগদীশ ভূঞা তথা অন্যান্য কেন্দ্ৰীয় নেতৃবৰ্গ ৷

জাতীয় চেতনা সন্মিলনৰ লগত সংগতি ৰাখি এটি মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ৷ সোণাৰিআটীৰ নৱজ্যোতি কৃষ্টিসংঘত অসম জাতীয় পৰিষদৰ এই মত বিনিময় অনুষ্ঠানটো অনুষ্ঠিত হয় ৷

উল্লেখ্য যে, বিগত অসম বিধানসভাৰ নিৰ্বাচনত দলটোৱে ৰাজ্যৰ প্ৰায় 84 টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৷ বিজেপিক প্ৰতিহত কৰিবলৈ গঠন কৰা দলটোৱে কিন্তু নিৰ্বাচনত আটাইকেইটা সমষ্টিতে মুখথেকেচা খাইছিল ৷ পুনৰ উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে মিত্ৰতাৰ হাত আগবঢ়াইছিল যদিও সময়ৰ মূৰত সেয়াও হৈ নুঠে ৷

লগতে চাওক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিয় কটাক্ষ কৰিলে পি চিদাম্বৰমে ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.