ETV Bharat / state

সংকটত মাজুলীৰ শালমাৰাৰ মৃৎ শিল্পীসকল - majuli pottery business

ক’ভিড (Covid 19)ৰ বাবে সংকটত মাজুলীৰ মৃৎ শিল্প ৷ মাজুলীৰ ঐতিহ্য বহন কৰা শালমৰাৰ মৃৎ শিল্পৰ লগত জড়িত পৰিয়ালক আৰ্থিকভাৱে সহায়ৰ আহ্বান শালমৰা ৰাইজৰ ৷

finacially lost pottery business in majuli
সংকটৰ গৰাহত মাজুলীৰ মৃৎ শিল্প
author img

By

Published : Jun 16, 2021, 7:21 PM IST

মাজুলী, 16 জুন : সংকটৰ গৰাহত মাজুলীৰ মাজুলীৰ মৃৎ শিল্প ৷ বিগত বৰ্ষৰপৰা ক’ভিড (Covid 19) ৰ বাবে লকডাউন বলৱৎ কৰাৰ সময়ৰ পৰা সংকটত পৰিছে মাজুলী জিলাৰ শালমাৰাৰ মৃৎ শিল্পীসকল ৷

মাজুলীৰ শালমৰা গাঁৱৰ প্ৰতিটো পৰিয়ালে মাটিৰ অভাৱ তথা ক’ভিড (Covid 19)ৰ বাবে আৰ্থিক সংকটত ভুগিব লগা হৈছে ৷ বিক্ৰি কৰিব পৰা নাই নিৰ্মাণ কৰি থৈ দিয়া সামগ্ৰীসমূহ ৷ সংগ্ৰহ কৰিব পৰা নাই মাটি যাৰ ফলত উপায়হীন হৈ চৰকাৰৰ ওচৰত আৰ্থিক সাহাৰ্যৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে মাটি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ আহ্বান জনাইছে শালমৰাৰ মৃৎ শিল্পৰ লগত জড়িত ৰাইজে ৷

সংকটৰ গৰাহত মাজুলীৰ মৃৎ শিল্প

সাধাৰণতে কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ সৈতে জড়িত । মাটিৰ পাত্ৰ এটাৰ গঢ় দিয়া প্ৰক্ৰিয়াৰ বিভিন্ন স্তৰত মৃৎ শিল্পী পৰিয়াল এটাৰ ল'ৰাৰ পৰা ডেকালৈকে সকলোৰে পৰিশ্ৰম নিহিত থাকে । মাজুলীৰ মৃৎ শিল্পীসকলে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এই টেকেলি সমূহ লৈ গৈ অসমৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰে ৷ কিন্তু বৰ্তমান ৰাস্তা-ঘাট উন্নত হোৱাৰ বাবে গাড়ীয়ে দি টেকেলি কলহ ব্যৱসায়ৰ বাবে বিভিন্ন ঠাইলৈ নিয়ে ।

বৰ্তমান টেকেলী-কলহ বনোৱ‍া মাটি লুপ্ত হ’বলৈ ধৰিছে কাৰণ চৰকাৰে নদী কাষত মাটি খন্দাত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ যাৰ বাবে মাজুলী কুমাৰ সম্প্ৰদায়ৰ লোক সকল চিন্তাত পৰা দেখা গৈছে ৷ কিয়নো মাজুলীৰ শালমৰাৰ প্ৰতি ঘৰ মানুহেই মৃৎ শিল্পৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দি আহিছে ।

শালমৰাৰ মৃৎ শিল্পই যুগ যুগ ধৰি মাজুলীৰ ঐতিহ্য বহন কৰিছে ৷ শালমৰা ৰাইজৰ অধিকাংশ লোকৰে নাই নিজা ভূমি ৷ যাৰ বাবে খেতিও কৰিব পৰা নাই লোকসকলে ৷ কেৱল মাত্ৰ মৃৎ শিল্পৰ ওপৰত জীৱিকা নিৰ্ভৰ কৰা লোক সকলে চৰকাৰৰ পৰা সৰ্বতোপ্ৰকাৰে সহায়ৰ আহ্বান জনাইছে ৷

উল্লেখ্য যে, যুগ যুগ ধৰি শালমৰাৰ কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকলৰ মৃৎ শিল্পই মাজুলীৰ ঐতিহ্য বহন কৰি আহিছে ৷

লগতে পঢ়ক : যোৰহাটৰ ধুবী ঘাটত ড্ৰাগছ সেৱনকাৰী কৰায়ত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.