ETV Bharat / state

ভাৰাত দিয়া বিক্ৰি কেন্দ্ৰ খালি কৰিবলৈ উপায়ুক্তৰ নিৰ্দেশ - Agriculture Department in Majul

ETV bharatৰ বাতৰিৰ প্ৰভাৱ৷ মাজুলীৰ কৃষি বিভাগৰ পৰা নামনি মাজুলীৰ এলেঙী গাঁৱৰ বিজু শইকীয়াই লাভ কৰিছিল এটি খুচুৰা বিক্ৰী কেন্দ্ৰ (Retail outlets of Agriculture food item) ৷ পিছে সেই কেন্দ্ৰত কৃষকে ৰাখিব নোৱাৰিলে তেওঁলোকৰ উৎপাদিত কৃষি সামগ্ৰী৷ বিক্ৰী কেন্দ্ৰ হ’লগৈ ভাড়াঘৰ ৷ এই ক্ষেত্ৰত ETV bharat ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে জিলা উপায়ুক্ত তথা কৃষি বিভাগ ৷

DC ordered evacuation of rented sales centre in Majuli
ভাৰাত দিয়া বিক্ৰি কেন্দ্ৰ খালি কৰিবলৈ উপায়ুক্তৰ নিৰ্দেশ
author img

By

Published : Sep 7, 2022, 2:26 PM IST

মাজুলী, 7 ছেপ্টেম্বৰ: ETV bharat ৰ বাতৰিৰ প্ৰভাৱ ৷ অনিল কাপুৰৰ বিখ্যাত নায়ক চিনেমাখন হয়তো আপুনিও চাইছে ৷ এচা বস্তিত বাস কৰা এজন লোকে নিজে লাভ কৰা চৰকাৰী ঘৰটো ভাৰালৈ দি, সেই টকাৰ পেট প্ৰবৰ্তোৱাৰ দৃশ্যটো মনত আছে নিশ্চয় ৷ তেনেকুৱা ঘটনা এইবাৰ মাজুলীত ঘটিছে ৷ এইটো অৱশ্যে চৰকাৰী বাসগৃহ নহয়, কৃষকৰ কৃষি সামগ্ৰী বিক্ৰীৰ বাবে আৱন্টিত এটা খুচুৰা বিক্ৰী কেন্দ্ৰহে ৷ পিছে সেই কেন্দ্ৰত কৃষকে ৰাখিব নোৱাৰিলে তেওঁলোকৰ উৎপাদিত কৃষি সামগ্ৰী ৷ বিক্ৰী কেন্দ্ৰ হ’লগৈ ভাড়াঘৰ (Retail outlets of Agriculture food item) ৷

উল্লেখ্য যে, মাজুলীৰ কৃষি বিভাগৰ পৰা ২০১৮ -১৯ বৰ্ষত কৃষি বিভাগৰ উদ্যান শস্য বিভাগৰ পৰা নামনি মাজুলীৰ এলেঙী গাঁৱৰ বিজু শইকীয়া নামৰ এগৰাকী আধুনিক কৃষকে লাভ কৰিছিল এটি খুচুৰা বিক্ৰী কেন্দ্ৰ ৷ যি কেন্দ্ৰত তেওঁৰ কৃষি ভূমিত উৎপাদিত থলুৱা ফল-মূল, শাক-পাচলি আদি বিক্ৰীৰ বাবে চৰকাৰী আচঁনিৰ টকাৰে এটি খুচুৰা বিক্ৰী কেন্দ্ৰ নিৰ্মাণ কৰিছিল (Scam at Majuli District Agriculture Department) । ১৫ লাখ টকাৰ বিনিময়ত নিৰ্মাণ কৰা হৈছিল এই খুচুৰা বিক্ৰী কেন্দ্ৰটো (Agriculture Department in Majuli) ৷

কিন্তু পৰিতাপৰ কথা যে, আজি দুটা বছৰে খুচুৰা বিক্ৰী কেন্দ্ৰটো খোলাৰ বিপৰীতে এই কেন্দ্ৰটো ভাড়া কেন্দ্ৰলৈ পৰ্যৱসিত কৰিছে বিজু শইকীয়া নামৰ লোকজনে ৷

উক্ত বাতৰি ETV bharat ত সম্প্ৰচাৰ হোৱাৰ পিছতে অন্যান্য চেনেলতো সম্প্ৰচাৰ হৈছিল ৷ এই বাতৰিৰ পিছতেই তৎপৰ হৈ পৰিছে জিলা উপায়ুক্ত তথা কৃষি বিভাগ ৷ জিলা উপায়ুক্ত তথা কৃষি বিভাগৰ পৰা বিজু শইকীয়ালৈ ঘৰটো শীঘ্ৰেই খালি কৰিবলৈ প্ৰেৰণ কৰা হৈছে নটিচ ।

লগতে পঢ়ক: পিতা-পুত্ৰ বিশেষভাৱে সক্ষম হোৱাৰ পিচতো বঞ্চিত চৰকাৰী আঁচনিৰ পৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.