ETV Bharat / state

Janardan Dev Goswami: জগত গুৰুক গুৰু হিচাবে নামানে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে - সত্ৰীয়া সংস্কৃতি

খোদ সত্ৰাধিকাৰেই শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাবে গ্ৰহণ নকৰে ৷ দক্ষিণপাট গৃহশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ (Dakhinpat Satra Satradhikar) জনাৰ্দন দেৱ গোস্বামীয়ে অব্যাহত ৰাখিছে বিতৰ্কিত মন্তব্য প্ৰদানৰ ধাৰা ৷

Janardan Dev Goswami
জগতগুৰুক গুৰু হিচাবে নামানে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে
author img

By

Published : Oct 18, 2022, 8:08 PM IST

মাজুলী, 18 অক্টোবৰ : শেহতীয়াকৈ বিতৰ্কিত মন্তব্যৰে শিৰোনামা দখল কৰিছে মাজুলীৰ দক্ষিণপাট গৃহশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত এক শৰণ নাম ধৰ্মৰ বিপৰীতে গৈ সত্ৰাধিকাৰগৰাকীয়ে প্ৰদান কৰা কেতবোৰ মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি (Janardan Dev Goswami controversial speech) ৷

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী হৈছে ৰাজ্যৰ একমাত্ৰ জিলা য’ত দুৰ্গা পূজা উদযাপন কৰা নহয় ৷ মূৰ্তি পূজাৰ বিপৰীতে মাজুলীবাসীয়ে বিশ্বাস কৰে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক (Srimanta Sankardev)৷ এক শৰণ নামধৰ্মক আঁকোৱালি থকা মাজুলীবাসী কেৱল সত্ৰীয়া সংস্কৃতিৰ(The Satriya culture) প্ৰতিহে আকৰ্ষিত হয় ।

মাজুলীত খ্ৰীষ্টানৰ কেৰ’লৰ ধ্বনিৰ বিৰূদ্ধে কোনেও প্ৰতিবাদ নকৰাৰ ক্ষোভ উজাৰিবলৈ গৈ মাজুলীৰ পৰম্পৰা ভংগ কৰি সত্ৰপীঠখনত দুৰ্গাপূজা উদযাপনত বাধা নাই বুলি ক’লে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ কেৰ’লৰ শব্দ শুনিব পাৰিলে দুৰ্গা পূজা উদযাপনতো বাধা নাই বুলি মন্তব্য কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল সত্ৰাধিকাৰগৰাকীয়ে ৷ এই বিতৰ্কৰ মাৰ নৌযাওঁতেই সত্ৰাধিকাৰগৰাকীয়ে পুনৰ কৰিলে বিস্ফোৰক মন্তব্য ৷

জগতগুৰুক গুৰু হিচাবে নামানে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে

এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিলে সত্ৰাধিকাৰগৰাকীয়ে ৷ শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাবে মান্য নকৰোঁ বুলি ক’লে খোদ সত্ৰাধিকাৰগৰাকীয়ে ৷ তেওঁ কয় যে, শ্ৰীমন্ত শংকৰদেৱে ব্ৰাহ্মণক শৰণ দিয়া নাছিল বাবে গুৰু হিচাবে গ্ৰহণ নকৰোঁ ৷ কিন্তু তেখেত এজন মহাপুৰুষ হিচাবে, এজন দাৰ্শনিক আৰু এজন শ্ৰেষ্ঠ খেলুৱৈ হিচাবে স্বীকাৰ কৰাৰ কথা কয় সত্ৰাধিকাৰগৰাকীয়ে ৷ আনহাতে নিজকে দামোদৰ দেৱৰ অনুগামী বুলি উল্লেখ কৰি দামোদৰী পন্থাৰ লোক বুলি মন্তব্য কৰে ৷

মহাপুৰুষসকল ধৰ্ম নিৰপেক্ষ নাছিল বুলিও মন্তব্য কৰি সত্ৰাধিকাৰগৰাকীয়ে কয় যে, তেওঁ গোপাল পূজা, বিষ্ণু পূজা অৰ্থাৎ মূৰ্তি পূজা কৰে ৷ যদি সত্ৰপীঠ মাজুলীত কেৰ’লৰ ধ্বনি শুনিব পাৰি তেতিয়া হ'লে মন্ত্ৰোচ্চাৰণ শুনিব নোৱৰাৰ কাৰণ নাই বুলি মন্তব্য কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ।

উল্লেখ্য যে, প্ৰায়েই বিতৰ্কত সোমাই পৰা সত্ৰাধিকাৰগৰাকীক 2020 বৰ্ষত মাজুলী মহকুমা সত্ৰ ন্যায়াধীশে দোষী সাব্যস্ত কৰি 10,500 টকাৰ জৰিমনা বিহিছিল ৷ ২০১৮ ত মাজুলীত গীৰ্জা ভঙাৰ এক ঘটনাত সাঙোৰ খাই পৰা সত্ৰাধিকাৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৭, ২৯৫, ২৯৮, ২৯৪, ৪২৭, ৫০৬/৩৪ চিআৰডব্লিউ আৰু ৩৫৭ চিআৰপিচি ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল(Allegation against Janardan Dev Goswami) ।

লগতে পঢ়ক : Durga Puja allowed in Majuli:মাজুলীত দুৰ্গা পূজাৰ পোষকতা সত্ৰাধিকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.