মাজুলী, 12 মে' : ভকত চাপৰিৰ 14 খন গাঁৱৰ ৰাইজৰ আশাত চেঁচাপানী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ বৰলুইতেৰে মুখ্যমন্ত্ৰীয়ে ৰ'ৰ' জাহাজেৰে চফৰ কৰিয়েই দূৰৈৰ পৰা বুজ ল'লে খহনীয়াৰ পৰিস্থিতিৰ ৷ ফলত ক্ষোভিত হৈ পৰিছে মাজুলীৰ বান-খহনীয়াত বিধ্বস্ত ভকত চাপৰিৰ 14 খন গাঁৱৰ ৰাইজ ৷
খহনীয়া ৰোধৰ কামৰ পৰিস্থিতিৰ বুজ ল'বলৈ দেওবাৰে ভকত চাপৰিলৈ মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হ'ব বুলি খৱৰ লাভ কৰাৰ পাচতেই পুৱাৰে পৰা নিজৰ দুৰ্দশাৰ বিষয়ে অৱগত কৰিবলৈ ভকত চাপৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত ৰৈ আছিল গাঁওকেইখনৰ ৰাইজ ৷ কিন্তু ৰাইজৰ দুৰ্দশাৰ খৱৰ লোৱাটো দূৰৈৰে কথা, ভকত চাপৰিৰ পাৰত উপস্থিত নোহোৱাকৈয়ে দূৰৈৰ পৰাই মুখ্যমন্ত্ৰীয়ে খহনীয়া ৰোধৰ কাম পৰ্যবেক্ষণ কৰিয়েই সামৰিলে নিজ দায়িত্ব ৷ ফলত ক্ষোভত ফাটি পৰে ঘন্টা ঘন্টাই মুখ্যমন্ত্ৰীলৈ বাট চাই থকা গাঁওকেইখনৰ ৰাইজ ৷