ETV Bharat / state

বাৰিষা সমাগত, মাজুলীত শ্ৰমিকক মজুৰি নিদিয়াৰ ফলত বন্ধ বান্ধৰ কাম - সৰ্বানন্দ সোণোৱাল

যিকোনো মূল্যৰ বিনিময়তে মাজুলী সুৰক্ষা হ'বই লাগিবঃ সোণোৱাল

ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰী ৰ লগতে টি কে কোম্পানীক ধমক
author img

By

Published : Mar 6, 2019, 7:16 PM IST

মাজুলী, 6 মাৰ্চ : মাজুলীৰ খহনীয়া ৰোধৰ লগতে ভৌগোলিক সুৰক্ষাৰ বাবে সোণোৱাল চৰকাৰে মোকলাই দিয়া 238 কোটিটকীয়া আঁচনিত বেমেজালি । বাৰিষাৰ পূৰ্বে সমাপ্ত হ'বলগীয়া কামৰ 30 শতাংশও কাম সমাপ্ত কৰিব পৰা নাই ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীয়ে । বুধবাৰে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত টি কে কোম্পানীৰ বিষয়ববীয়াৰ সৈতে বৈঠকত মিলিত হৈ কামৰ খতিয়ান ললে মুখ্যমন্ত্ৰীগৰাকীয়ে । সভাতেই ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰী ৰ লগতে টি কে কোম্পানীক ধমক দিয়াৰ লগতে প্ৰশাসনৰ মুৰব্বী, অভিযন্তাসকলক কাম কাজসমূহ পৰিভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে যিকোনো মূল্যৰ বিনিময়তে মাজুলী সুৰক্ষা হ'বই লাগিব বুলিও উল্লেখ কৰে সোণোৱালে ।

ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰী ৰ লগতে টি কে কোম্পানীক ধমক

উল্লেখ্য যে, 2018 বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা আঁচনিখন শেষ হোৱাৰ তাৰিখ আছিল 2019 চনৰ মে মাহত । যদিও কেন্দ্ৰীয় চৰকাৰে পুঁজি এৰি দিয়াৰ পাছতো টি কে কোম্পানীটোৱে শ্ৰমিকক মজুৰি নিদিয়াৰ ফলতে বন্ধ হৈ পৰি ৰৈছে কাম ।

মাজুলী সুৰক্ষাৰ বাবে ৰূপায়িত ২৩৮ কোটি টকীয়া আচনিত ব্যাপক বেমেজালি           । মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ বৰ্ডৰ সভা ।   ধমক দিলে বৰ্ডৰ বিষয়া কৰ্মচাৰী ৰ লগতে টি কে কোম্পানীক ।                     

 v.o--- মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বানন্দ সোনোৱাল চৰকাৰে দিয়া প্ৰতিশ্ৰুতি   বৈজ্ঞানিক চিন্তাপ্ৰসুত আচনি আৰু কাৰিকৰী কৌশলেৰে নিদিষ্ঠ সময়ৰ ভিতৰত মাজুলী সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ব্ৰহ্মপুত্ৰ বৰ্ড আৰু টি কে কোম্পানীয়ে ১০০ ৰ ভিতৰত ২০ % কামো শেষ কৰিব পৰা নাই।  তাৰ পাছত আজি মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পূৱা ১১ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্ৰী আৰু বৰ্ড টি কে কোম্পানীৰ লগত সভা অনুষ্ঠিত হয় । আৰু সভাতেই জোলোঙাৰ মেকুৰি ওলাই পৰিল । ২৭ কি মি বেংক ৰিবেকমেন্টৰ কাম আগবঢ়া নাই ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে বৰ্ডক ধমক দিয়াৰ লগতে বিষয়া অভিযন্ত্ৰাৰ লগতে প্ৰশাসনৰ মুৰম্বী সকলক কাম কাজ সমূহ পৰিভ্ৰমন কৰিবলৈ নিৰ্দেশ দিছে । যিকোনো মূল্য ৰ বিনিময়ত মাজুলী সুৰক্ষা হব ই লাগিব বুলি উল্লেখ কৰে । আনহাতে টি কে কোম্পানীয়ে চাৱ কন্টেকট্ৰৰ আৰু শ্ৰমিকক প্ৰাপ্য মজুৰি দিৱ নোৱাৰা আৰু পৰ্যাপ্ত পৰিমানৰ সা সজুলী মজুত ৰখা আদি সমূহৰ ওপৰতো নিৰীক্ষণ কৰে। ২৩৮ কোটি আচনিৰ বৃহৎ কাম অৰুনাচলৰ ব্যক্তিগত বিতৰ্কিত টি কে কোম্পানীটোৱে  ২৭ কিলো মিটাৰ বেংক ৰিৱেকমেন্ট আৰু ৪২ খন পাৰকুপাইনৰ স্কিন দিয়াৰ কাম হাতত লৈছিল কিন্তু কোনো এটা কাম সঠিক ভাৱে আগবঢ়া নাই। ২০১৮ বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা হোৱা আচনিখন শেষ হোৱাৰ তাৰিখ আছিল ২০১৯ চনৰ মে মাহ । কেন্দ্ৰীয় মন্ত্ৰীৰ ঘনিষ্ঠ ৰ দ্বাৰা পৰিচালিত বিৰ্তকিত টি কে কোম্পানীয়ে বৰ্তমান ৮ কিলো মিটাৰ কাম হে শেষ কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় চৰকাৰে পুজি এৰি দিয়াৰ পাছতো টি কে কোম্পানীয়ে শ্ৰমিকক মজুৰি দিব পৰা নাই ফলত বহু ঠাইত কাম বন্ধ হৈ পৰিছে ।২৭ কিলোমিটাৰ বেংক ৰিৱেকমেন্ট ৰ কাম মাত্ৰ ৮ কিলোমিটাৰৰ কাম হে বৰ্তমান চলি আছে।   আনহাতে বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱে কাম সমুহ বিলম্ব হোৱাৰ কথা উল্লেখ কৰি ৬ মাহ কাম পলমকৈ আৰম্ভ হৈছে বুলি নিজৰ  দায়সৰা মন্ত্ৰব্য আগবঢ়াই। 

বাইট - সৰ্বানন্দ সোণোৱাল ।

বাইট - ৰাজীৱ যাদৱ  ।

মাজুলীৰ পৰা যদুমণি শইকীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.