মাজুলী, 28 জানুৱাৰী: মাজুলী শ্ৰীশ্ৰী আউনীআটী সত্ৰ মণিকাঞ্চন ৰংগক্ষেত্ৰ অনুষ্ঠিত অসম ভাওনা সমাৰোহত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ মাজুলীত মঙলবাৰে উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোনোৱাল উপস্থিত হয় অসম ভাওনা সমাৰোহত । ভূমি পট্টা প্ৰদান, বিদ্যালয় সাহায্য বিতৰণ আৰু বানাক্ৰান্ত সকলক সাহায্য প্ৰদানৰ পাছতেই মুখ্যমন্ত্ৰী উপস্থিত হৈ খোনাচুক গাঁৱৰ মাধৱদেৱ কৃষ্ঠি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দলীয় সভাত উপস্থিত হয় । দলীয় সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাইজৰ লগত সমিলমিলে চলিব লাগে । কোনোৱেই বিজেপিক সমালোচনা কৰিলেও প্ৰত্যুত্তৰ দিয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰাৰ লগতে কয় যে কংগ্ৰেছৰ দিনত কোনো কাম নহ'ল আমাৰ দিনত নতুন দিগন্তৰ সূচনা হৈছে ।
ইয়াৰ পাছতে মাজুলীৰ আউনীআটী সত্ৰৰ উদ্যোগত মণিকাঞ্চন ৰংগক্ষেত্ৰত আয়োজিত অষ্টম বাৰ্ষিক অসম ভাওনা সমাৰোহত আজি সন্ধিয়া অংগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ সৈতে সন্ধিয়া আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে সদৌ অসম ভিত্তিক ভাওনা সমাৰোহখনিৰ মঙলাবাৰে দশম নিশাৰ ভাওনা প্ৰদৰ্শন উদ্বোধন কৰে ।
আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী, ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ উপস্থিতিত এই ভাওনা উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, 'মাজুলীৰ পৰাই বিশ্বই শান্তি আৰু আধ্যাত্মিকতাৰ বাণী আহৰণ কৰিব পাৰে । আধ্যাত্মিক চিন্তা-চেতনা আৰু সম্প্ৰীতিৰ প্ৰগাঢ় ভাৱনাৰে সদা বিধৌত পৱিত্ৰ ভূমি মাজুলী । এইখন মাজুলীৰ বুকুত যিয়েই জন্মগ্ৰহণ কৰিছে, তেওঁ ভাগ্যৱান । বৈষ্ণৱ প্ৰাণ ৰাইজ, ভকত-বৈষ্ণৱৰ সমাৱেশে আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত গঢ়া আধ্যাত্মিক পৰিৱেশত অংশগ্ৰহণেৰে ধন্য হ'বলৈকে আজি ময়ো ইয়ালৈ আহিছো । মই নিজকে অতি সৌভাগ্যবান হিচাপে বিবেচনা কৰো, কিয়নো মাজুলীত মই সত্ৰাধিকাৰ প্ৰভুসকলৰ সান্নিধ্য-আশীষ লাভ কৰাৰ সুবিধা পাইছো । সত্ৰাধিকাৰ প্ৰভুসকলৰ মাৰ্গ দৰ্শন আৰু সত্ৰসমূহে প্ৰদান কৰা আধ্যাত্মিক বাতাবৰণে আমাক মানসিক শক্তি দিয়ে, আধ্যাত্মিক চিন্তা-চেতনাৰ পৰা আহৰিত নিৰ্মল আনন্দ, শান্তি দিয়ে । সেইফালৰ পৰা অসমৰ ১২৬গৰাকী বিধায়কৰ মাজত ময়েই একমাত্ৰ এই সৌভাগ্য আহৰণ কৰিবলৈ পাইছো বুলি সদায়ে অনুভৱ কৰি আহিছো ।'
তেওঁ লগতে কয় যে মাজুলীৰ এই আধ্যাত্মিক পৰিবেশ আৰু সত্ৰাধিকাৰ প্ৰভুসকলৰ পৰাই আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰো । ভক্তি ভাৱৰ যোগেদি সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰি বুলি আমাৰ সত্ৰসমূহে দেখুৱাই আহিছে । 'ভক্তিভাৱ, আধ্যাত্মিকতা আৰু প্ৰমূল্যৰ আধাৰত গঢ় এনে এখন সমাজেই হ'ব আদৰ্শ সমাজ', মুখ্যমন্ত্ৰীয়ে কয় । তেওঁ মতপোষণ কৰে, যে ভাওনাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ সাংস্কৃতিক জীয়াই ৰখাৰ আৰু নিজৰ মন-মগজু-শৰীৰকো জীপাল কৰি ৰাখিব পাৰে ।