ETV Bharat / state

সৰ্বানন্দ সোণোৱালক তুলাধূনা ভূপেশ বাঘেলৰ - সৰ্বানন্দক চিণ্ডিকেটৰ আনন্দ আখ্যা ভূপেশ বাঘেলৰ

মাজুলীত কংগ্ৰেছৰ বিশাল জনসভাত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল ৷ আগন্তুক নিৰ্বাচনৰ বাবে মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

chhattisgarh cm bhupesh baghel campaign for majuli congress candidate rajib lochan pegu
ৰাজীৱ লোচন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ : সৰ্বানন্দক তুলাধূনা ভূপেশ বাঘেলৰ
author img

By

Published : Mar 18, 2021, 8:44 PM IST

মাজুলী,18 মাৰ্চ: সৰ্বানন্দক "ছিণ্ডিকেটৰ আনন্দ" আখ্যা ভূপেশ বাঘেলৰ ৷ "সৰ্বানন্দ ছিণ্ডিকেট কে আনন্দ, সৰ্বানন্দ কয়লা ছিণ্ডিকেট কে আনন্দ, সৰ্বানন্দ চুপাৰী ছিণ্ডিকেট কে আনন্দ" বুলি কটাক্ষ কৰি ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে বিজেপিয়ে অসমবাসীক প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ কৰে ৷ মাজুলীৰ গড়মূৰত কংগ্ৰেছৰ এক জনসভাত অংশ লৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্বানন্দ সোণোৱালক এনেদৰে কটাক্ষ কৰাৰ বাবে লক্ষ্য কৰি লয় ৷

সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ অন্যান্য সমষ্টিসমূহত প্ৰাৰ্থীসকলৰ প্ৰতিদ্বন্দ্বিতাৰ চৰ্চাত থকাৰ মাজতে 99 নং মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ অধিক আকৰ্ষণীয় হৈ পৰিছে ৷ কাৰণ এইবাৰ এই সমষ্টিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে কংগ্ৰেছৰ হৈ আগবাঢ়ি আহিছে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ৷

ৰাজীৱ লোচন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ

বৃহস্পতিবাৰে ভূপেশ বাঘেলে অংশ লোৱা মাজুলীৰ গড়মূৰত অনুষ্ঠিত বিশাল জনসভালৈ হাজাৰ হাজাৰ জনতা ওলাই অহা পৰিলক্ষিত হয় ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্ল'গানেৰে গড়মূৰৰ মিনি ষ্টেডিয়াম উত্তাল হৈ পৰাৰ লগতে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে সমালোচনাৰে সৰৱ হৈ পৰে ভূপেশ বাঘেল ৷

জনসভাখনত ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৱে সৰ্বানন্দ সোণোৱালৰ ৰাজহাড় আছে নে নাই বুলি প্ৰশ্ন কৰি কয় যে, এগৰাকী মুখ্যমন্ত্ৰী হোৱাৰ পিছতো পাঁচ বছৰত চিকিৎসালয়লৈ চিকিৎসক আনিব নোৱাৰাটো ধিক্কাৰজনক ৷

লগতে পঢ়ক: আগন্তুক সময়ত ৰাজ্যলৈ সঘন সোঁত ব'ব মোডী, শ্বাহ আৰু নাড্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.