ETV Bharat / state

কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায় মাজুলীত উপস্থিত

author img

By

Published : Aug 9, 2021, 1:18 PM IST

উপ-নিৰ্বাচনৰ পূৰ্বে মাজুলীত উপস্থিত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায় ৷ নিৰ্বাচন সন্দৰ্ভত মাজুলীৰ গড়মূৰৰ ৰাজীৱ ভৱনত দলীয় কৰ্মীসকলৰ সৈতে এক আলোচনাত মিলিত হয় সাংসদীয় সচিবগৰাকী ।

Bikash Upadhyay visited in majuli
মাজুলী ভ্ৰমণ: কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায়ৰ

মাজুলী, 9 আগষ্ট : সমাগত উপ নিৰ্বাচন ৷ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ মৃদু বতাহ ৷ বাদ পৰি ৰোৱা নাই মাজুলী ৷ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি মাজুলীত আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ ৷ উপ নিৰ্বাচনৰ পূৰ্বে মাজুলীত উপস্থিত হৈছে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায় ৷

উল্লেখ্য যে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত যোগদান কৰাৰ পাচতে মাজুলীক লৈ উপ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে । সময়ে সময়ে ৰাজ্য তথা কেন্দ্ৰীয় ৰাজনীতিৰ বহু উচ্চ পৰ্যায়ৰ নেতাই মাজুলীত ভীৰ কৰা দেখা গৈছে । দেওবাৰে মাজুলীত উপস্থিত হয় ছত্তিশগড় চৰকাৰৰ সাংসদীয় সচিব তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায় ।

কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা বিকাশ উপাধ্যায় মাজুলীত উপস্থিত

লগতে পঢ়ক: ধ্বংসৰ গৰাহত কোটিটকীয়া জাঁজী ফুলপানীছিগা বোৱা-কটা সমবায় সমিতি

এখন সাংগঠনিক কৰ্মী সভাত অংশগ্ৰহণ কৰি উপাধ্যায়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদ নিদিয়াৰ বাবে মাজুলীবাসীক বিজেপি দলে বিশ্বাসঘাটকতা কৰা বুলি উল্লেখ কৰে ৷ আনকি অসম বিজেপিৰ নিজৰ শক্তি নাই ৷ সেইবাবে কংগ্ৰেছ দলৰ লোকসকলক লৈ বিজেপি দল গঠন কৰা পৰিলক্ষিত হৈছে । আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভত দেওবাৰে মাজুলীৰ গড়মূৰৰ ৰাজীৱ ভৱনত দলীয় কৰ্মীসকলৰ সৈতে এখন আলোচনা চক্ৰত ভাগ লয় সাংসদীয় সচিব গৰাকীয়ে ।

লগতে পঢ়ক: হাগ্ৰামাই NIA ৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.