ETV Bharat / state

দক্ষিণপাট সত্ৰত বয়ন হ'ব অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ - Satra

মাজুলীৰ দক্ষিণপাট সত্ৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব বৃন্দাবনী বস্ত্ৰৰ বয়নৰ কাম । মহাপুৰুষজনাৰ অনবদ্য সৃষ্টিৰ পুনৰ পাব সাকাৰ ৰূপ ৷ ৭ জুলাইত মুখ্যমন্ত্ৰীয়ে দক্ষিণপাট সত্ৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব বয়ন কাৰ্য ৷

দক্ষিণপাট সত্ৰত বয়ন হ'ব অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ
author img

By

Published : Jun 28, 2019, 9:21 PM IST

মাজুলী,28জুনঃ দক্ষিণপাট সত্ৰৰ বিশেষ প্ৰচেষ্টাত প্ৰস্তুত হ'বলগীয়া অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত সন্দৰ্ভত শুকুৰবাৰে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত সমিতিয়ে দক্ষিণপাট সত্ৰৰ অতিথি গৃহত এক সংবাদ মেল সম্বোধন কৰে । সংবাদমেলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ প্ৰতিবিম্ব সদৃশ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ ভাগে অসমীয়া সমাজ জীৱনত ভৱিষ্যত প্ৰজন্মৰ বাবে মহাপুৰুষজনাৰ সৃষ্টিৰাজীক চিনাকি কৰাবলৈ সক্ষম হ’ব বুলি প্ৰস্তুতি সমিতিয়ে উল্লেখ কৰে ৷ উল্লেখ্য যে বিদেশৰ সংগ্ৰহালয়ত সংগৃহীত হৈ থকা বস্ত্ৰভাগ সাধাৰণলোকে প্ৰত্যক্ষ কৰাৰ মহান উদ্দেশ্য আগত ৰাখিয়ে দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতৰ সিদ্ধান্ত হাতত লোৱা হৈছে ৷

  • ১২০ হাত দীঘল, ৬০ হাত বহল হ'ব অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ
  • প্ৰায় তিনি কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুত হ'ব এই বৃন্দাবনী বস্ত্ৰ
  • কৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে বস্ত্ৰ ভাগীৰ প্ৰথম খণ্ডৰ কাম চলিত বৰ্ষৰ ৪ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বয়নৰ কাম উদ্বোধন কৰা হ'ব
  • ৭ জুলাইত দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ বয়ন শালৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
  • ইতিমধ্যে এড়ি সূতা,তাত শাল সকলো প্ৰস্তুতি সম্পৰ্ণ হৈছে

শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত সংবাদ মেল 

 মাজুলীত বৰনীয়া চাৰিদিনীয়া কাৰ্যসূচীৰে অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ বয়নৰ শুডাৰম্ভনীঃ
৪ ৫ ৬ আৰু ৭ জুলাইত হৃস্তিত কাৰ্যসূচী।
মাহাপুৰুষ অনবদ্য সৃষ্টিয় পুণৰ পাৱ সাকাৰ ৰূপঃ
 ১২০ হাট দীঘল ৬০ হাত বহল হব অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰঃ
 এড়ি সূতা, তাত শাল সকলো প্ৰস্তুতি সম্পৰ্ণ।
৭ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাজুলী দক্ষিণপাট সত্ৰত আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব বৃন্দাবনী বস্তু ৰ বয়ন কাৰ্যঃ
 দক্ষিণপাট সত্ৰত এক সংবাদ মেল সম্বোধন কৰি এই কথা ঘোষণা কৰে বৃন্দাবনী বস্তু প্ৰস্তুতি সমিতিৰ দুই যুতীয়া সম্পাদক মন ৰাজগুৰু আৰু ডাঃ আলক্ষ্য বৰুৱাই।
 অনুকৃতিমূলক বৃন্দাবনী বস্তুকলৈ হোৱা বিতৰ্কৰ সন্দৰ্ভত উত্তৰ দিয়ে ডাঃ বৰুৱাই।

মাজুলীৰ দক্ষিণপাট সত্ৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হব বৃন্দাবনী বস্ত্ৰৰ বয়নৰ কাম ।
দক্ষিণপাট সত্ৰৰ বিশেষ প্ৰচেষ্টাত প্ৰস্তুত হবলগীয়া অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত সন্দৰ্ভত আজি অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতিয়ে  দক্ষিণপাট সত্ৰৰ অতিথি গৃহত এক সংবাদ মেল সম্বোধন কৰে।বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা সংবাদ মেল খনত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতি সমিতিৰ যুটীয়া মুখ্য সম্পাদকদ্বয় আলেখ্য বৰুৱা আৰু মন ৰাজগুৰুৱে সাংবাদিকক বৃন্দাবনী বস্ত্ৰ ভাগিৰ ওপৰত সংবাদমেলতেই বিস্তৃত ভাবে আলোকপাত কৰে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ প্ৰতিবিম্ব সদৃশ অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰভাগিয়ে অসমীয়া সমাজ জীৱনত ভৱিষ্যত প্ৰজন্মৰ বাবে মহাপুৰুষজনাৰ সৃষ্টিৰাজীক চিনাকি কৰাবলৈ সক্ষম হ’ব বুলি প্ৰস্তুতি সমিতিয়ে উল্লেখ কৰি বিশ্ব সমাদৃত এনেভাগী মহান কৰ্মৰ সংৰক্ষণ দুভাগ্যবশত: অসম কিম্বা ভাৰতৰ ভৌগোলিক পৰিসীমাৰ মাজত সম্ভৱ নহল।ফলস্বৰূপে লণ্ডন স্থিত সংগ্ৰাহালয়েই হল বস্ত্ৰ ভাগীৰ শেষ ঠিকনা।যি পৰিঘটনাই আজিও প্ৰতিজন অসমীয়াৰ হৃদয় গধুৰ কৰি ৰাখিছে।তেওলোকে আৰু কয় যে -আমাৰ প্ৰচেষ্টা হল নৱ প্ৰজন্মক,বৃন্দাবনকেন্দ্ৰিক কৃষ্ণ সংস্কৃতিৰ সাৰ বাৰ্তা প্ৰদানেৰে মহাপুৰুষজনাই দি যোৱা ‘বসুধৈৱ কুটুম্বকম’ সদৃশ বিৰাট সমন্বয়ৰ সৈতে একাত্ম কৰা।যিভাগী বস্ত্ৰ অদ্য পৰিমিত বিদেশৰ সংগ্ৰাহালয়ত সংগৃহীত হৈ আছে ,যাক স্বাভাৱিকতে সাধাৰণজনে প্ৰত্যক্ষ কৰা সম্ভৱ নহয়।সাধাৰণজনেও যাতে মাতৃভূমিততে অনুৰূপ প্ৰতিবিম্ব প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবেই আমাৰ এই প্ৰয়াস।১২০ হাত দীঘল, ৬০  হাত বাহল বৃন্দাবনী বস্ত্ৰ ভাগী মাজুলীৰ সত্ৰতেই তৈয়াৰ হ’ব।প্ৰায় তিনি কোটি টকা ব্যয় হব লগা এই বিশাল প্ৰকল্পৰ এই বস্ত্ৰ কৃষ্ণৰ জন্মৰ পৰা কংস বধলৈকে বস্ত্ৰ ভাগীৰ প্ৰথম খণ্ডৰ কাম চলিত বৰ্ষৰ ৪ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বয়নৰ উদ্বোধনী কৰিব অসমৰ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ইয়াৰ উপৰিও ৫ জুলাইত দক্ষিণপাট সত্ৰত ৰাইজৰ সহযোগত নাম কীৰ্তন,৬ জুলাইত আসন প্ৰতিষ্ঠা আৰু নিশালৈ অংকীয়া ভাওনা আৰু ৭ জুলাইত দক্ষিণপাট সত্ৰত অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰৰ বয়ন শালৰ শুভ উদ্বোধনী অনুষ্ঠান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ্যমন্ত্ৰী অতিথি হিচাপে উপস্থিত থাকিব বুলি সংবাদমেলত জানিবলৈ দিয়ে।সংবাদ মেলৰ পূৰ্বে অসমৰ শিল্পী সমাজ আৰু শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ এক ঐতিহাসিক প্ৰয়াস অনুকৃতিমূলক বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতৰ প্ৰথম কাৰ্যসূচী হিচাপে দক্ষিণ পাট সত্ৰৰ  মূল তোৰণ উন্মোচন কৰে মাজুলীৰ আৰক্ষী অধীক্ষক হিতেশ ৰায়ে।এই বস্ত্ৰ তৈয়াৰৰ যোগেদি অসমীয়া চহকী বয়ন শিল্পক আকৌ এবাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অৰিহণা যোগাব।এই ক্ষেত্ৰত অসমবাসীৰ সহায় সহযোগিতা বিচাৰিছে বস্ত্ৰখনিৰ প্ৰস্তুতি সমিতিয়ে।

মাজুলীৰ পৰা যদুমণি শইকীয়া  ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.