ETV Bharat / state

চাৰিবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলী-যোৰহাট সংযোগী দলং!

author img

By

Published : Feb 9, 2021, 9:14 PM IST

মাজুলী আৰু যোৰহাট জিলা সংযোগী দলং নিৰ্মাণৰ আনুষ্ঠানিক ঘোষণা ৷ দলং নিৰ্মাণৰ কামৰ দায়িত্ব ইউ পি ষ্টেট ব্ৰীজ কৰ্প’ৰেশ্যনক প্ৰদান কৰাৰ কথা টুইটযোগে উল্লেখ কৰে ৰাষ্ট্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ে ৷

majuli jorhat connect bridge
মাজুলী-যোৰহাট সংযোগী দলং

মাজুলী,9 ফেব্ৰুৱাৰী : অৱশেষত মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা হ’ল বৃহত্তৰ মাজুলী আৰু যোৰহাট জিলা সংযোগী দলং নিৰ্মাণ ৷ আগন্তুক চাৰি বছৰৰ ভিতৰত নিৰ্মাণ কৰা হ’ব এই দলংখন ৷

উল্লেখ্য যে, 2016 চনৰ 27 ফেব্ৰুৱাৰীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দলংখনৰ আধাৰশিলা স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল ৷ পাঁচ বছৰৰ অন্তত আকৌ এইবাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণৰ নতুন খবৰ আহিল । অৱশেষত ৰাষ্ট্ৰীয় পথ পৰিবহন মন্ত্ৰণালয়ে টুইটাৰযোগে মাজুলীৰ দলং নিৰ্মাণৰ কামৰ দায়িত্ব ইউ পি ষ্টেট ব্ৰীজ কৰ্প’ৰেশ্যনক প্ৰদান কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷

মাজুলী-যোৰহাট সংযোগী দলং

925 কোটি টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ MOUত স্বাক্ষৰ কৰে চৰকাৰী বিভাগটোৰ উচ্চপদস্থ বিষয়াৰ লগতে কোম্পানীৰ যুটীয়া সঞ্চালকে । মাজুলীবাসীৰ বাবে মুঠ 8 কিলোমিটাৰ এটা দীঘলীয়া সপোন দিঠক হোৱাৰ দিশে । এয়া প্ৰতিগৰাকী মাজুলীবাসীৰ বাবে এক আশাব্যঞ্জক বতৰা । আনহাতে, চাৰি বছৰৰ ভিতৰত দলংখনৰ নিৰ্মাণৰ কাম সম্ভৱপৰ হৈ উঠাক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে একাংশই ।

লগতে পঢ়ক : হাইলাকান্দিৰ কাটলিছেৰাত মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়া লোকৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.