ETV Bharat / state

মাজুলীৰ স্থায়ী সুৰক্ষাৰ নামত লুন্ঠনৰাজ! - মাজুলী

বিগত 16 মাহে মাজুলী সুৰক্ষাৰ 50 শতাংশও কাম নকৰিলে টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানে

টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ মইমতালি
author img

By

Published : Mar 26, 2019, 2:19 PM IST

মাজুলী, 26 মাৰ্চঃনদীদ্বীপ মাজুলীৰ সুৰক্ষাৰ নামত টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ লুন্ঠনৰাজৰ অভিযোগ ৷ মাজুলীৰ সুৰক্ষাৰ বাবে বিগত 16 মাহত জিঅ' বেগেৰে বেংক ৰিবেডমেন্টৰ কামৰ 50 শতাংশও কাম নকৰিলে প্ৰতিষ্ঠানটোৱে ৷ যাৰ ফলত বাৰিষা চমু চাপি অহাৰ লগে লগে আপোন ঘৰখন হেৰুৱাৰ আশংকাত শংকিত হৈ পৰিছে জিলাখনৰ নৈ পৰীয়া ৰাইজ ৷ ব্ৰহ্মপুত্ৰ ব'ৰ্ড নামৰ কেন্দ্ৰীয় সংস্থাটোৱে 18 মাহৰ পূৰ্বে 238 কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ গতিপথত 27 কি. মি. জিঅ' বেগেৰে বেংক ৰিবেডমেন্ট আৰু 42 খন আৰ চি চি পাৰ্কিউপাইনৰ এক অভিলাষী আঁচনিৰে টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ যোগেদি মাজুলী স্থায়ী সুৰক্ষাৰ বাবে আৰম্ভ কৰিছিল কাম ৷

টি কে ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানৰ মইমতালি
নিৰ্ধাৰিত সময়সীমা অনুসৰি 18 মাহত সমাপ্ত কৰিবলগীয়া এই আঁচনিৰ কামৰ 19 মে'ত প্ৰতিষ্ঠানটোৱে শেষ কৰিব লাগে যদিও বৰ্তমানে বাৰিষা আহি পালে তৎস্বত্বেও মাজুলী সুৰক্ষাৰ 50 শতাংশও কাম শেষ কৰিব পৰা নাই প্ৰতিষ্ঠানটোৱে ৷ তাৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ পাৰ খান্দি গছ-বন কাটি মুকলি কৰি পেলাই থৈছে প্ৰতিষ্ঠানটোৱে ৷ ইপিনে অৰুণাচলৰ এগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ আত্মীয় হোৱাৰ সুবাদতে নিজৰ মইমতালিৰে বিভাগ তথা ৰাজ্য চৰকাৰক বুঢ়া আঙুলি দেখুৱাই সময়মতে প্ৰতিষ্ঠানটোৱে কামত হেমাহি কৰি আহিছে বুলি অভিযোগ তুলিছে মাজুলীবাসীয়ে ৷ লগতে শ্ৰমিকক মজুৰি নিদিয়া, জিঅ' বেগৰ যোগান নধৰাৰ উপৰি অতি নিম্নমানৰ জিঅ' বেগ, আৰ চি চি পাৰ্কিউপাইনেৰে কাম কৰাৰো অভিযোগ মাজুলীবাসীৰ ৷

উল্লেখ্য যে, সময়মতে প্ৰতিষ্ঠানটোৱে কাম নকৰাত 20 দিনৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াৰ লগত বৈঠকত মিলিত হৈ বিষয়ববীয়াসকলক অতিশীঘ্ৰে কাম সমাপ্ত কৰিবলৈ ধমক দিছিল যদিও তাৰ পাচতো কোনো গা নলৰিল প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাৰ ৷

মাজুলীত টি কে ইঞ্জিনিয়াৰিংৰ লুণ্ঠনঃ
কোন দিশে মাজুলী সুৰক্ষাঃ
নিধিৰাম চৰ্দাৰৰ ভাৱত ব্ৰহ্মপুত্ৰ ব'ৰ্ডঃ

VO.... আগন্তুক বান-বাৰিষাক  লৈ সংকিট হৈ পৰিছে মাজুলীৰ নৈ পৰীয়া ৰাইজ। ব্ৰহ্মপুত্ৰ ব'ৰ্ড নামৰ কেন্দ্ৰীয় সংস্থাটোৱে ১৮ মাহৰ পুৰ্বে দুশ আঠত্ৰিশ কোটি টকাৰে ব্ৰহ্মপুত্ৰৰ গতিপথত ২৭ কি মি জি অ বেগেৰে বেংক ৰিবেডমেন্ট আৰু ৪২ খন আৰ চি চি পাৰ্কিউপাইনৰ এক অভিলাষী আঁচনি টি কে ইঞ্জিনিয়াৰিং কম্পেনিৰ যোগেদি আৰম্ভ কৰিছিল মাজুলী স্থায়ী সুৰক্ষাৰ বাবে। ১৮ মাহ সময়সিমা নিৰ্ধাৰিত কৰি দিয়া আঁচনিৰ কাম অহা ১৯ মে অন্ত পৰিব যদিও আজিৰ তাৰিখত ১০ কি মি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নহল। তাৰ বিপৰিতে ব্ৰহ্মপুত্ৰৰ পাৰটো খান্দি গছ বন কাটি মুকলি কৰি পেলাই থৈছে এনেদৰে যাৰ পৰিপেক্ষিতত আগন্তুক বাৰিষা খহনীয়াই যে ভয়াবহ ৰূপ ধাৰণ কৰিব সি নিশ্চত হৈ পৰিছে। সংকিট হৈ পৰিছে নৈ পৰীয়া মাজুলীবাসী।
  বাইট-- AJYCP কেন্দ্ৰীয় সাংগঠনিক সম্পাদক।
   
V:O: অৰুনাচলৰ এগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ আত্মিয় হোৱাৰ সুৱাদতে নিজৰ ময় মতালিৰে বিভাগ তথা ৰাজ্যচৰকাৰকো বুঢ়া আঙুলি দেখুৱাই কামত হেমাহি কৰিছে। বনুৱাক উপযুক্ত মজুৰি দিব নোখোজা, সময়মতে শ্ৰমিকক মজুৰি নিদিয়া, জি অ বেগৰ যোগান নধৰাৰ উপৰি অতি নিম্ন মানৰ জি অ বেগ, আৰ চি চি পাৰ্কিউপাইনেৰে লুণ্ঠনৰ ফন্দি পাতিছে টি কে ইঞ্জিনিয়াৰিঙে।
  বাইট---- AJYCP
মাত্ৰ ২০ দিনৰ পুৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইটিভি ভাৰত অসমত প্ৰকাশিত এক প্ৰতিবেদনৰ বাবে বিভাগ আৰু টি কে ইঞ্জিনিয়াৰিংক ধমক দিয়াৰ পাছতো গা নলৰিলে কোনো পক্ষৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.