মাজুলী, ১৫ জানুৱাৰী : আজি ভোগৰ উৎসৱ ভোগালী বিহু (Bhogali Bihu celebrated in Assam) । ভোগ আৰু আনন্দৰ উৎসৱ এই মাঘ বিহু বাহু ভোগালী বিহু । শনিবাৰে নিশা উৰুকাৰ আনন্দ উপভোগৰ পিছত আজি ৰাজ্যজুৰি পালন কৰা হৈছে মাঘৰ সংক্ৰান্তিত ভোগালী বিহু (Uruka celebrated with tradition in Assam) ।
ভোগৰ ভোগজৰাটি লৈ পুনৰ আহিছে ভোগালী বিহু । অসমীয়া জাতিৰ প্ৰাণ, অসমীয়াৰ মান, কৃষিজীৱী চহা গঞাৰ হৃদস্পন্দন হৈছে এই ভোগালী বিহু । ভোগালী মানে ভোগৰ উছৱ, ভোগ ভাগ-বতৰা কৰাৰ এক কৌটিকলীয়া পৰম্পৰা । এই পৰম্পৰা আৰু তাৰ আঁচলত ধৰি অহা লোকাচাৰৰ মেটমৰা সম্ভাৰৰ অসমীয়া কৃষ্টি-সংস্কৃতিৰ উৰ্বৰা ভঁৰাল । হেঁপাহৰ সোণগুটি ভঁৰালত সোমাওঁ কি নোসোমাওঁতেই কৃষিজীৱী চহা গঞাই লখিমীক আদৰাৰ পৰম্পৰা হৈছে ভোগালী বিহু ।
দুখ-ভাগৰ, বেদনা-কষ্ট, অভাৱ-অনাটন সকলো কাটি কৰি এক নতুন জীৱনৰ পণ লোৱাৰ উছৱ হৈছে এই ভোগালী বিহু (Magh Bihu celebrated in Assam) । পুহৰ নিহালি কাটি কৰি মাঘৰ বিহুৰে ব'হাগলৈ বাট বুলাৰ প্ৰতিশ্ৰুতি । আজি সমগ্ৰ ৰাজ্য বুৰ গৈ আছে ভোগালীৰ ভোগ আৰু আনন্দত । ব্যতিক্ৰম নহয় সত্ৰ নগৰী মাজুলীও ।
অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুক লৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যতে । ভোগালী বিহুৰ লগতে আজি মকৰ সংক্ৰান্তিও (Makar Sankranti celebrated in Assam) । সেই উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে নদীদ্বীপ মাজুলীৰ বিভিন্ন প্ৰান্ত তথা মাজুলীৰ সত্ৰানুষ্ঠানসমূহতো উলহ-মালহেৰে পুৱতিনিশা মেজি জ্বলাই উদযাপন কৰে মাঘৰ বিহু ৷ এয়া হৈছে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ দৃশ্য (Bhogali Bihu celebrated in Dakhinpat Satra Majuli) ।
সত্ৰৰ সত্ৰাধিকাৰৰ উপস্থিতিত বৰগায়ন-বৰবায়নসকলে খোল-তাল বজাই ভকত-বৈষ্ণৱসকলে মেজি প্ৰদক্ষিণ কৰি এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে মেজিত অগ্নিসংযোগ কৰে ৷ লগতে সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে অসমবাসীক মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁৰ শুভেচ্ছাবাৰ্তাত সত্ৰাধিকাৰগৰাকীয়ে কয় এই মেজিৰ জুয়ে অসমৰ সমাজ জীৱনৰ পৰা অপায়-অমংগল বিনাশ কৰক । লগতে অসমত শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ আনহাতে, কৰোনাৰ প্ৰভাৱ যাতে ৰাজ্যত নপৰে তাৰবাবেও অগ্নিদেৱতাৰ ওচৰত প্ৰাৰ্থনা জনায় ৷
উল্লেখ্য, অসমৰ জাতীয় উৎসৱসমূহৰ ভিতৰত অন্যতম হৈছে মাঘ বিহু (Magh bihu in Assam) । পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় অসমীয়াৰ হেঁপাহৰ এই মাঘৰ বিহু । এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে বাবে ইয়াক উত্তৰায়ণ সংক্রান্তি বুলিও কোৱা হয় । আনহাতে, ঠাই বিশেষে ইয়াক মাঘী সংক্রান্তিও বোলা হয় ।
ভোগালীৰ উছাহত পুহ মাহৰ হাড় কঁপোৱা জাৰেও অসমীয়া ৰাইজৰ ওচৰত হাৰ মানে । চেঙেলীয়া ল’ৰাহঁতে পথাৰৰ শুকান নৰা গোটাই মেজি আৰু ভেলাঘৰ সাজি উলিয়ায় ৷ আনহাতে, কোনো কোনো ঠাইত কাঠ-খৰি, আন কোনো কোনো ঠাইত গছৰ ডাল-পাতেৰেও মেজি তৈয়াৰ কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবৰ বাবে অগ্নি দেৱতাক পূজা কৰা ৷
লগতে পঢ়ক :Magh bihu in Assam : আজি ৰাজ্যজুৰি ভোগৰ ভোগালী উদযাপন