ETV Bharat / state

মাজুলীৰ 1981 চনতে স্থাপন হোৱা এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা - bad condition of Majuli's government school

মাজুলী জিলাৰ উজনি মাজুলীৰ কথমিয়া অঞ্চলৰ বামুনপুখুৰী উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয়ৰ দুৰৱস্থা ৷ এগৰাকী শিক্ষয়িত্ৰীৰ জৰিয়তে দীৰ্ঘদিনৰ পৰা শিক্ষাদান চলি আছে বামুনপুখুৰী উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয়ত ৷ বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক দাবী জনাইছে অভিভাৱক আৰু অঞ্চলটোৰ সচেতন মহলে ৷

bad condition of Majuli's government school established in 1981
মাজুলীৰ 1981 চনতে স্থাপন হোৱা এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা
author img

By

Published : Dec 24, 2020, 10:09 AM IST

Updated : Dec 24, 2020, 4:58 PM IST

মাজুলী,24 ডিচেম্বৰ: মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীৰ এখন বিদ্যালয়ৰ দুৰৱস্থাৰ কাহিনী ৷ ১৯৮১ চনতে স্থাপন হোৱা উচ্চ মাধ্যমিক ইংৰাজী বিদ্যালয়খনৰ শিক্ষাদান কাৰ্য চলিছে মাত্ৰ এগৰাকী শিক্ষয়িত্ৰীৰ জৰিয়তে ৷ বিজেপি নেতৃত্বধীন চৰকাৰ খনে শিক্ষা ব্যৱস্থাৰ আমোল পৰিৱৰ্তনৰ কথা কৈ থকাৰ সময়তে এই বিদ্যালয়খনে উদঙাইছে শিক্ষা ব্যৱস্থাৰ প্ৰকৃত ছবিখন ৷ উজনি মাজুলীৰ কথমিয়া অঞ্চলত থকা বামুনপুখুৰী মধ্য ইংৰাজী বিদ্যালয়খনত তিনিটাকৈ শ্ৰেণীক পাঠদান কৰিব লগীয়া হৈছে এগৰাকী শিক্ষয়িত্ৰীয়ে ৷ দীৰ্ঘদিনৰ পৰা গণিত,বিজ্ঞান,ইংৰাজী,অসমীয়া,সমাজবিজ্ঞান আটাইবোৰ বিষয়ৰ পাঠদান কৰি আহিছে শিক্ষয়িত্ৰী গৰাকীয়ে ৷

মাজুলীৰ 1981 চনতে স্থাপন হোৱা এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থা

উল্লেখ্য যে, পাঠদানৰ উপৰিও মধ্যাহ্ন ভোজনকে ধৰি অন্যান্য বিভাগীয় কাম-কাজবোৰো অকলে কৰিবলগীয়া হোৱাত অত্যন্ত প্ৰয়োজন হ'লেও শিক্ষয়িত্ৰী গৰাকীয়ে উপভোগ কৰিব নোৱাৰে চৰকাৰী ছুটী ৷ অতিশীঘ্ৰে বিদ্যালয়খনত প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক দাবী জনাইছে অভিভাৱক আৰু অঞ্চলটোৰ সচেতন মহলে ৷ এগৰাকী দক্ষ শিক্ষামন্ত্ৰী থকাৰ সময়তো স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিৰ শিক্ষাৰ অৱস্থা যদি এনেকুৱা হয়,তেনেহ'লে অসমৰ শিক্ষা ব্যৱস্থা কি পৰ্যায়ত আছে সেয়া সহজে অনুমেয় ৷

লগতে পঢ়ক:পাঁচ মিনিট সময় এন্ধাৰতে ভাষণ দিলে মুখ্যমন্ত্ৰী সোণোৱালে

Last Updated : Dec 24, 2020, 4:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.