মাজুলী, 12 জানুৱাৰী : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ প্ৰতিখন আৰক্ষী চকীত আয়োজন কৰা হয় জিলা প্ৰশাসনৰ সজাগতা সভা(Awareness programme to enlighten the public) । ব্যৱসায়ী সন্থা ,গাঁও প্ৰধান, গাঁৱৰক্ষী বাহিনীৰ বিশিষ্ট নাগৰিককে কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা হয় এই সভা ৷ শেহতীয়াকৈ গড়মূৰ আৰক্ষী চকীত আয়োজিত এখন সজাগতা সভাত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ক’ভিড সংক্ৰান্তীয় বিশেষ নিৰ্দেশনা সমূহ উপস্থিত সকলক অৱগত কৰা হয় ৷
বিশেষ নিৰ্দেশনা অনুসৰি মাক্স পৰিধান নকৰা ব্যৱসায়ীয়ে ভৰিব লাগিব ২৫ হাজাৰ টকা জৰিমনা ৷ তাৰোপৰি ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ বন্ধ কৰি দিয়াৰো কঠোৰ সকিয়নি প্ৰদান ৷ ইয়াৰ লগতে যাত্ৰীবাহী বাহনৰ চালকেও পৰিধান কৰিব লাগিব মাক্স । অন্যথা পৰিবহণ বিভাগে বাহনৰ অনুজ্ঞা পত্ৰ জব্দ কৰাৰ লগতে বাতিল কৰাৰো সকিয়নি প্ৰদান ।
ইফালে মাজুলীত অবৈধভাৱে চলাই অহা সুৰাৰ ব্যৱসায়ৰ লগত জড়িত চক্ৰলৈও সতৰ্কবাণী প্ৰদান জিলা উপায়ুক্তৰ ৷ অবৈধভাৱে সুৰা সৰবৰাহৰ ক্ষেত্ৰত জিলা উপায়ুক্তকে আৰক্ষী অধীক্ষকগৰাকীয়ে তথ্য লাভ কৰাৰ কথা সদৰি কৰি যোৰহাটৰ পৰা মাজুলীলৈ কেনেদৰে সুৰা সৰবৰাহ হয় আৰু কোন নাঁৱত সেই সৰবৰাহ হয়, তাক উল্লেখ কৰি তাৰ ওপৰতো জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দিলে সকিয়নি । লগতে নাৱৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ তিনি মাহৰ পৰা ছমাহ পৰ্যন্ত জেল হ’ব বুলিও উল্লেখ কৰিলে জিলা উপায়ুক্ত গৰাকীয়ে ৷
তাৰোপৰি বিশেষ জৰুৰী নাথাকিলে মাজুলীৰ পৰা অন্য জিলা অথবা অন্য জিলাৰ পৰা মাজুলীলৈ অহা-যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ কথা উল্লেখ কৰিলে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ।
লগতে পঢ়ক : Illegal Liquor seized at Barpeta : বৰপেটাত বৃহৎ পৰিমাণৰ চুলাইসহ দুজন আটক