ETV Bharat / state

কঙালীক আদৰিবলৈ সাজু চহা অসমীয়া

কাতি বিহুৰ দিনটোত ধাননি পথাৰ, বাৰী, ভঁৰাল আদিত চাকি-বন্তি জ্বলাই আই লক্ষ্মীক পথাৰে-ভঁৰালে স্থিতি ল’বলৈ সেৱা জনায় ৷ তাৰোপৰি তুলসী তল চপাই-চিকুনাই সন্ধিয়া চাকি জ্বলোৱাৰ লগতে শৰাই আগবঢ়াই ঈশ্বৰৰ নাম লয় ৷

assamese people ready to celebrate kati bihu

author img

By

Published : Oct 15, 2020, 8:01 PM IST

মাজুলী, 15 অক্টোবৰ : মাজত মাথোঁ এটা দিন ৷ শনিবাৰে অসমীয়াই উদযাপন কৰিব কাতি বিহু ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনটোত চহা অসমীয়াই পালন কৰে কাতি বিহু ৷ কাতি বিহু মানে চহা কৃষকৰ মনত আশাৰ সঞ্চাৰ হোৱাৰ সময় ৷ গেৰ ধৰা আহিন বাগৰি কাতি মাহ সোমোৱাৰ সময়তে কৃষকে আশা কৰে বছৰটোলৈ দুমুঠি ধান বেছি কৈ পাবলৈ ৷

কাতি বিহুৰ দিনটোত ধাননি পথাৰ, বাৰী, ভঁৰাল আদিত চাকি-বন্তি জ্বলাই আই লক্ষ্মীক পথাৰে-ভঁৰালে স্থিতি ল’বলৈ সেৱা জনায় ৷ তাৰোপৰি তুলসী তল চপাই-চিকুনাই সন্ধিয়া চাকি জ্বলোৱাৰ লগতে শৰাই আগবঢ়াই ঈশ্বৰৰ নাম লয় ৷ কোনো কোনো ঠাইত আকাশ বন্তিও জ্বলোৱা দেখা যায় ৷ কাতি বিহুত ঔটেঙাৰ বুকু গুচাই অথবা কলৰ সৰু দোনা চিলাই পথাৰৰ মাজত ওখকৈ চাকি দিয়াৰ নিয়ম ৷

assamese people ready to celebrate kati bihu
তুলসীৰ তলে তলে মৃগ পহু চৰে

কাতি বিহুৰ সন্ধিয়া তুলসীৰ তলত এইদৰে গোৱা হয় :

তুলসীৰ তলে তলে মৃগ পহু চৰে

তাকে দেখি ৰামচন্দ্ৰই শৰ-ধনু ধৰে...

আনহাতে, খেতি নষ্টকাৰী পোক-পতংগ খেদিবৰ বাবে পথাৰৰ মাজৰ মুকলি ঠাইত ডাঙৰকৈ জুই জ্বলাই দিয়া হয় ৷ সেই জুইত পৰি জাহ যায় বিভিন্ন কীট পতংগ ৷ তাৰোপৰি কাতি বিহুৰ দিনা পথাৰত ৰবাব টেঙা খোৱাৰ নিয়মো কোনো কোনো অঞ্চলত প্ৰচলিত হৈ আছে ৷

ও টেঙাৰ বাকলিৰে ধাননিত দিয়া চাকি

আনহাতে, কাতি বিহুক কোৱা হয় কঙালী বিহু ৷ কাৰণ এই সময়ত কৃষকৰ ভঁৰাল উদং হয় ৷ ধান-চাউলৰ কিছু পৰিমানে আকাল-অনাটন ঘটে ৷ দোমাহীৰ দিনা সেয়ে চাকি-বন্তি জ্বলাই ভঁৰাল ভৰিবলৈ আই লক্ষ্মীক বাঞ্ছা কৰে কৃষকে ৷ বোৱতী বছৰত ক’ভিড-19 মহামাৰীৰ বাবে উৎসৱ পাৰ্বনৰ উছাহ কিছু ম্লান পৰিছে ৷ তথাপিও পৰম্পৰাগত নিয়মেৰে কঙালীক আদৰিবলৈ সাজু হৈছে অসমীয়া ৷

লগতে পঢ়ক : অসম সমবায় মৰাপাট কলত সংযোজিত হ’ল বিক্ৰী কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.