মাজুলী, ১অক্টোবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি পালন কৰা হৈছে অসম আৰক্ষী দিৱস। অসম আৰক্ষী দিৱসৰ দিনা ব্যতিক্রমী পদক্ষেপ গ্ৰহণ কৰি আৰক্ষীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলে মাজুলীৰ বনগাঁৱৰ কলাগুৰু উদীয়মান যুৱ মঞ্চই।
![মাজুলীত অসম আৰক্ষী দিৱসৰ ব্যতিক্ৰমী কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-maj-02-majulinews-photo1-as10026_01102020121220_0110f_1601534540_1086.jpg)
আজি পুৱা পুৱ মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ কেইগৰাকীমান আৰক্ষী বিষয়াক ফুলাম গামোচাৰে সম্ভাষণ জনায়।
![মাজুলীত অসম আৰক্ষী দিৱসৰ ব্যতিক্ৰমী কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-maj-02-majulinews-photo1-as10026_01102020121220_0110f_1601534540_100.jpg)
লগতে ডায়েৰী আৰু কলমো উপহাৰ হিচাপে আগবঢ়ায়। ৰাইজৰ হকে নি:স্বাৰ্থভাৱে সেৱা আগবঢ়াই অহাৰ বাবে আৰক্ষীক কৃতজ্ঞতাও জ্ঞাপন কৰে।
লগতে পঢ়ক: নাৰায়ণপুৰত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা