ETV Bharat / state

Majuli news: দুভাগত বিভক্ত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতি - মাজুলীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদত বেমেজালি

মাজুলীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মাজত বিষম্বাদ (Dissidence in Anusuchit Jati Yuba Chatra Parishad) । দুটা ভাগত বিভক্ত হ'ল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতি । পূৰ্বৰ পৰাই এখন সমতি থকাৰ পিছতো অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ বুলি একে নামতে আন এখন সমিতি গঠনক লৈ সৃষ্টি হয় তীব্ৰ মতবিৰোধৰ ।

Dissidence in Anusuchit Jati Yuba Chatra Parishad
মাজুলীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদত বেমেজালি
author img

By

Published : Mar 12, 2023, 2:11 PM IST

মাজুলীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদত বেমেজালি

মাজুলী,১২ মাৰ্চ: দুটা ভাগত বিভক্ত হ'ল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতি (Anusuchit Jati Yuba Chatra Parishad) । মাজুলীত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি পূৰ্বৰ পৰাই থকাৰ পিচতো অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ বুলি একে নামতে আন এখন সমিতি গঠনক লৈ মাজুলী অনুসূচিত জাতিৰ সংগঠনৰ দুই ফৈদৰ মাজত তীব্ৰ মতবিৰোধৰ সৃষ্টি হৈছে (Dissidence in Anusuchit Jati Yuba Chatra Parishad) ।

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে পূৰ্বৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে নতুনকৈ গঠন কৰা একে নামৰ সংগঠনটোৰ বিৰুদ্ধে মাজুলীৰ আৰক্ষী অধীক্ষকৰ কাষ চাপি গোচৰ তৰিবলৈ বাধ্য হৈছে । পূৰ্বৰ পৰা বাহাল থকা মাজুলী জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে জানিবলৈ দিয়া মতে যোৱা ২০ আৰু ২১ ফেব্ৰুৱাৰীত ডেকা শেনচোৱাৰ অনিৰুদ্ধ কৃষ্টি কেন্দ্ৰত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছিল ৷

উক্ত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অনুসূচিত জাতি পৰিষদৰ সভাপতি দেৱজিৎ হাজৰিকাক নিমন্ত্ৰণ দিয়া হৈছিল আৰু তেখেত আহিব নোৱাৰাৰ হেতু পৰিষদৰ সম্পাদক অজিত হাজৰিকা উপস্থিত আছিল । পৰিষদৰ ফালৰ পৰা নেত গৰাকীক প্ৰয়োজনীয় সন্মান প্ৰদান কৰা হৈছিল । কিন্তু পাছৰ পৰ্যায়ত উক্ত অনুসূচিত জাতি পৰিষদৰ উদ্যোগতে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ বুলি এখন সমিতি গঠন কৰে ।

এই কথাৰ উমান পাই মাজুলীত পূৰ্বৰ পৰা বাহাল থকা সভাপতি আৰু সম্পাদক নেতৃত্বাধীন জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে উক্ত সমিতি খন অবৈধ বুলি এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতেই এজাহাৰৰ ভিত্তিত নতুনকৈ অনুসূচিত জাতিৰ নামত সংগঠন গঠন কৰা অনুসূচিত জাতি পৰিষদৰ দেৱজিৎ হাজৰিকা আৰু অজিত হাজৰিকাকে ধৰি কেইজনমানলোকক সোধা-পোচাৰ বাবে গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই মাতি নিয়ে বুলি এজাহাৰকাৰী পূৰ্বৰ সংগঠনটোৱে দাবী কৰে ।

ইফালে জাতি পৰিষদৰ সংঘাত কেন্দ্ৰিক বিষয়ত উচ্চতম ন্যায়ালয়ত বিচাৰাধীন গোচৰ থকাৰ বাবে জাতি পৰিষদে কোনো সভা-সমিতি অনুষ্ঠিত কৰিব নোৱাৰে বুলি মাজুলীত পূৰ্বৰ পৰা বাহাল থকা সভাপতি আৰু সম্পাদক জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে উল্লেখ কৰে ৷ লগতে উক্ত সকলো কথা সদৰী কৰি শীৰ্ঘে অনুসূচীত জাতি যুৱ ছাত্র পৰিষদৰ নামত গঠন হোৱা অবৈধ সমিতি খন বাতিল কৰিব লাগে বুলি দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Bharat Janvigyan Jatha: জনসচেতনতা সৃষ্টিৰ লক্ষ্যৰে ৰঙিয়াত ভাৰত জনবিজ্ঞান জাঠাৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.