মাজুলী, ৪ ডিচেম্বৰ: শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত ৬ জানুৱাৰীৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব সদৌ অসম অংকীয়া ভাওনা সমাৰোহ(Ankiya Bhaona Samaroh 2022 will held at Majuli) । মাজুলীৰ ঐতিহাসিক খাটপথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই অংকীয়া ভাওনা সমাৰোহৰ লাইখুঁটা দেওবাৰে স্থাপন কৰা হয় ৷
আজি মাজুলীৰ কেইবাখনো ঐতিহাসিক সত্ৰৰ সত্ৰাধিকাৰৰ উপস্থিতিত গায়ন বায়ন, ডবা-শঙ্খৰ ধ্বনিৰ মাজত সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি পৰম্পৰাৰে অংকীয়া ভাওনা সমাৰোহৰ লাইখুটা স্থাপনৰ অনুষ্ঠান সম্পন্ন কৰা হয় । সদৌ অসম অংকীয়া ভাওনা সমাৰোহখনত অসমৰ বিভিন্ন প্ৰান্তৰ ১২খনকৈ অংকীয়া ভাওনাই ভাগ ল'ব ।
এই ভাওনা সমাৰোহত একে সময়তে ৪খনকৈ ভাওনা একেলগে প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷ উদ্যোক্তাসকলে ভাওনা সমাৰোহৰ প্ৰথম কাৰ্যসূচীত ১০০০ নামতিৰে দিহানাম পৰিবেশন কৰাৰ পৰিকল্পনা কৰিছে ৷ তেওঁলোকে লগতে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তীৰ লগত সংহতি ৰাখি ৫৭৫ জোৰা গায়ন বায়ন প্ৰদৰ্শনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ।
২০২৩ বৰ্ষত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ সকলো কাৰ্যসূচীত অসমবাসী ৰাইজৰ লগতে মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্ম বিপুল জনসমাগমেৰে এই কাৰ্যসূচী সফল কৰি তুলিবলৈও উদ্যোক্তাসকলে জনসাধাৰণক আহ্বান জনাইছে ৷
লগতে পঢ়ক: Felicitation of 2000 meritorious students : চাংসাৰিত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ