মাজুলী,৮ জানুৱাৰী: উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলীৰ প্ৰাচীন চামগুৰিৰ খাটপথাৰত । যোৱা ৬ তাৰিখৰ পৰা মাজুলীৰ চামগুৰিৰ খাটপথাৰত আৰম্ভ হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ । জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি অমিয়া সৃষ্টি অংকীয়া ভাওনা সেই অমৰ সৃষ্টি জীয়াই ৰাখিবৰ বাবেই আয়োজন কৰা হৈছে অংকীয়া ভাওনা সমাৰোহ । শ্ৰী শ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আঠ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত মাজুলীৰ চামগুৰিৰ ঐতিহাসিক খাটপথাৰত অনুস্থিত হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh observed in Majuli) ।
বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুস্থিত কৰিব খোজা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ দ্বিতীয় দিনা দিনৰ ভাগত অংশগ্ৰহণ কৰে মাজুলীৰ অভিভাৱক মন্ত্ৰী বিমল বড়াই । জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি অমিয়া সৃষ্টি অংকীয়া ভাওনা সেই অমৰ সৃষ্টি জীয়াই ৰাখিবৰ বাবেই মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰই আয়োজন কৰা এই অংকীয়া ভাওনা সমাৰোহৰ প্রশংসা কৰে বিমল বড়াই ।
ইয়াৰ উপৰিও দ্বিতীয় দিনা দিনৰ ভাগত আৰু বহু কেইটা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । একে সময়তে নিশাৰভাগত চাৰিটা নামঘৰত চাৰিখনকৈ ভাওনা প্ৰদৰ্শন হয় (Bhauna Performance in Majuli) । বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ অনুস্থিত কৰিব খোজা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ আজি অৰ্থাৎ দেওবাৰে অন্তিম তথা তৃতীয় দিন । এই তৃতীয়তো দিনটো দিনৰ ভাগত বহু কেইটা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু নিশাৰভাগলৈ চাৰিখনকৈ ভাওনা প্ৰদৰ্শন হ'ব ।
উল্লেখ্য যে, এই ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ ১২ খন অংকীয়া ভাওনা প্ৰদৰ্শন কৰাৰ দিহা কৰা হৈছিল ৷ এই ভাওনা সমাৰোহত একে সময়তে ৪ খনকৈ ভাওনা প্ৰদৰ্শন কৰা বাবে বাবে চাৰিটা অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছিল ভাওনাৰ আয়োজকসকলে ৷
শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তীৰ লগত সংহতি ৰাখি ৫৭৪ জোৰা গায়ন-বায়ন প্ৰদৰ্শনৰ দিহা কৰা হৈছিল । আনকি আয়োজকসকলে জনোৱা মতে, এইবছৰ যি স্থানত সদৌ অসম অংকীয়া ভাওনা সমাৰোহ আয়োজন কৰা হৈছে, সেই স্থানত আগন্তুক বৰ্ষসমূহতো প্ৰতি বছৰে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷
লগতে পঢ়ক: Teachers went on picnic: পাঠদানলৈ পিঠি দি খোলা বাৰতে অধ্যক্ষাসহ শিক্ষক-শিক্ষয়িত্ৰী বনভোজ যাত্ৰা