ETV Bharat / state

Ankiya Bhaona Samaroh in Majuli : তিনিদিনীয়াকৈ মাজুলীত আৰম্ভ অংকীয়া ভাওনা সমাৰোহ

দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে মাজুলীৰ চামগুৰিৰ খাটপথাৰ । কিয়নো শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে (All Assam Ankiya Bhaona Samaroh begins in Majuli)৷

All Assam Ankiya Bhaona Samaroh begins in Majuli
দ্বিতীয় বৈকুণ্ঠ লৈ পৰিণত হৈছে মাজুলীৰ চামগুৰিৰ খাটপথাৰ
author img

By

Published : Jan 6, 2023, 7:05 PM IST

দ্বিতীয় বৈকুণ্ঠ লৈ পৰিণত হৈছে মাজুলীৰ চামগুৰিৰ খাটপথাৰ

মাজুলী, 6 জানুৱাৰী : উখল মাখল পৰিৱেশে বিৰাজ কৰিছে মাজুলীৰ চামগুৰিৰ খাটপথাৰ । জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমিয়া সৃষ্টি অংকীয়া ভাওনা জীয়াই ৰাখিবৰ বাবে মাজুলীত আয়োজন কৰা হৈছে অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh begins in Majuli) ।

শ্ৰীশ্ৰী প্ৰাচীন চামগুৰি সত্ৰ আৰু হৰিদাস বণিয়া আতৈ আৰ্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থা আৰু স্থানীয় ৰাইজৰ সহযোগত জানুৱাৰী মাহৰ 6, 7 আৰু 8 তাৰিখ অৰ্থাৎ আজিৰে পৰা মাজুলীৰ চামগুৰিৰ ঐতিহাসিক খাটপথাৰত আয়োজন কৰা হৈছে সদৌ অসম অংকীয়া ভাওনা সমাৰোহ (All Assam Ankiya Bhaona Samaroh) ।

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই সমাৰোহৰ পুৱাই মাজুলীৰ বিভিন্ন প্ৰান্তৰ 1000 ৰো অধিক নামতিয়ে একে সময়তে পৰিৱেশন কৰে দিহা নাম । এককথাত ক‘’বলৈ গ’লে, নামতিসকলৰ নামত মুখৰিত হৈ পৰিল ঐতিহাসিক খাটপথাৰ । বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ আয়োজিত হোৱা সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ সকলো কাৰ্যসূচীত অসমবাসী ৰাইজৰ লগতে মাজুলীবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।

ইফালে এই অংকীয়া ভাওনা সমাৰোহৰ প্ৰথম দিনাই ৰাইজৰ সহযোগ দেখি আয়োজকসকলো উৎসাহিত হৈ পৰিছে ৷ শুকুৰবাৰে পুৱাৰ নাম প্ৰসংগৰ পাচতে ভাওনা সমাৰোহৰ পাতাকা উত্তোলন কৰা হয় ৷ ভাওনা সমাৰোহৰ পাতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি তাৰানাথ মহন্তই ।

লগতে পঢ়ক : Me Dam Me Phi: দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱসাগৰত মে-ডাম-মে-ফি অনুষ্ঠান

আনকি হৰিদাস বণিয়া আতৈ আর্থ সামাজিক উন্নয়ন স্বেচ্ছাসেৱী সংস্থাৰ পতাকা উত্তোলন কৰে জয়ন্ত মলিয়া বৰুৱাই আৰু ধৰ্মধজ্জাৰ পতাকা উত্তোলন কৰে ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰে । ইফালে এই অংকীয়া ভাওনা সমাৰোহ ভাগি অনুষ্ঠিত কৰিবৰ বাবে বৃহস্পতিবাৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ঐতিহাসিক খাটপথাৰত আসন প্ৰতিষ্ঠা কৰা হয় ।

আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ 12 খন অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ’ব ৷ আনকি এই ভাওনা সমাৰোহত একে সময়তে 4 খন ভাওনা প্ৰদৰ্শিত কৰা হ’ব ৷ যাৰ বাবে চাৰিটা অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰিছে আয়োজকসকলে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ভাওনাৰ আয়োজকসকলে ৷

শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক জন্ম জয়ন্তীৰ লগত সংহতি ৰাখি 574 জোৰা গায়ন বায়ন প্ৰদৰ্শনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । আনকি আয়োজকসকলে জনোৱা মতে, এইবছৰ যি স্থানত সদৌ অসম অংকীয়া ভাওনা সমাৰোহ আয়োজন কৰা হৈছে, সেই স্থানত আগন্তুক বৰ্ষসমূহতো প্ৰতি বছৰে কিবা নহয় কিবা এটা অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷

লগতে পঢ়ক : Bhanu Samiti Golden Jubilee: কলিয়াবৰত ভানু সমিতিৰ সোণালী জয়ন্তী উদ্বোধন সাংসদ গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.