মাজুলী, 1 মাৰ্চ: উপ-নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগেলগে মাজুলীত ভিৰ বাঢ়িছে ৰাজনৈতিক নেতাৰ ৷ মঙলবাৰে মাজুলীত উপস্থিত হয় অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে অগপৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Campaigning for Bhuban Gam in Majuli)।
ভূৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হয় অতুল বৰা আৰু কেশৱ মহন্ত । এসময়ত সদৌ অসম ছাত্ৰসন্থাৰ মজিয়াৰ পৰাই গৈ আঞ্চলিক ৰাজনীতিৰ পথাৰত ভৰি দিয়া এই দুই মন্ত্ৰীয়ে আছুৰ প্ৰাক্তন উপ-সভাপতি তথা এজেপি-কংগ্ৰেছৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে চলালে নিৰ্বাচনী প্ৰচাৰ ৷
প্ৰচাৰ সভাত দিয়া ভাষণৰ জৰিয়তে মন্ত্ৰীদুগৰাকীয়ে বৰ্তমানৰ চৰকাৰৰ গুণানুকীৰ্তন কৰাৰ লগতে মাজুলীবাসীক প্ৰতিশ্ৰুতিৰে উপচাই পেলায় ৷ মন্ত্ৰী অতুল বৰাৰ ভাষাৰে সৰবৰাহী ব্যক্তি ভুবন গামক নিৰ্বাচনত জয়ী কৰোৱাবলৈ আয়োজন কৰা সভাখনত সাংসদ প্ৰদান বৰুৱাও উপস্থিত থাকে ৷
লগতে পঢ়ক: ১৫ বছৰত মণিপুৰলৈ AIIMS আনিব নোৱাৰিলে কংগ্ৰেছে : অমিত শ্বাহ