ETV Bharat / state

Majuli govt office: শয্যাশায়ী নিৰঞ্জনলৈ সহায়ৰ হাত এটি চৰকাৰী কাৰ্যালয়ৰ - Majuli boy suffering from incurable diseases

মাজুলীৰ এটি চৰকাৰী কাৰ্যালয়ৰ মহানুভৱতা ৷ এটি ৰোগাক্ৰান্ত কিশোৰত সুস্থ কৰি তোলাৰ বাবে মাজুলীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে লৈছে এক বিশেষ পদক্ষেপ ৷ কিশোৰগৰাকীৰ চিকিৎসা খৰছ আগবঢ়াইছে মাজুলীৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ৷ লগতে অন্যান্য যাৱতীয় খৰছ আগবঢ়ায় ৰাজহ চক্ৰ বিষয়া জয়দ্বীপ ৰজকে ।

Ill Niranjan Das has been helped by Majuli govt office
মাজুলীৰ এটি চৰকাৰী কাৰ্যালয়ৰ মহানুভৱতা
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 1:29 PM IST

মাজুলীৰ এটি চৰকাৰী কাৰ্যালয়ৰ মহানুভৱতা

মাজুলী, 25 আগষ্ট : যি সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মণ্ডলে ঘোচ লৈ সংবাদ শিৰোনামা দখল কৰিছে । সেই সময়ত মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে দেখুৱাইছে আদৰ্শ । ক’ভিড মহামাৰীৰ পাচতে হোৱা প্ৰথম লক ডাউনৰ পৰা মাজুলীৰ ডেকা শেনচোৱা গাঁৱৰ নিৰঞ্জন দাস নামৰ যুৱক এজন স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈ আছে ৷

নিৰঞ্জন দাস পিতৃ এজন সাধাৰণ খেতিয়ক ৷ কিন্তু বিগত কিছুদিন ধৰি হৃদ ৰোগত আক্ৰান্ত হৈ তেওঁ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ফলত বিমূৰত পৰিছে নিৰঞ্জন দাসৰ মাতৃ ৷ হাস্পতালৰ বিচনাত যদি তেওঁৰ স্বামী পৰি আছে, আনহাতে, প্ৰায় নগ্ন হৈ বিচনাত পৰি ৰৈছে তেওঁৰ পুত্ৰ নিৰঞ্জন দাস ৷

নিৰঞ্জন দাসক সুস্থ কৰি তুলিবৰ বাবে মাজুলীৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীসকলে চিকিৎসা খৰছ আগবঢ়োৱাৰ লগতে অন্যান্য যাৱতীয় খৰছ আগবঢ়ায় ৰাজহ চক্ৰ বিষয়া জয়দ্বীপ ৰজকে । এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন চিকিৎসালয় চিকিৎসাধীন হৈ থকাৰ লগতে পুত্ৰ এনে অৱস্থাত দেখি ভাগি পৰিছে মাতৃগৰাকী ।

মুখ্যমন্ত্ৰীয়ে কিছু সহায়ৰ হাত আগবঢ়াইছিল যদিও বৰ্তমান পুত্ৰৰ চিকিৎসাৰ লগতে স্বামীৰ চিকিৎসা বাবে বহু অৰ্থৰ প্ৰয়োজন হৈছে পৰিয়ালটোক । ৰাজহ চক্ৰ বিষয়া জয়দ্বীপ ৰজক পুনৰ পৰিয়ালটোৰ ওচৰত উপস্থিত হৈ খবৰ লৈ মুখ্যমন্ত্ৰীৰ লগত পুনৰ বিষয়টো আলোচনা কৰা আশ্বাস দিয়ে ।

অন্যহাতে, অসমবাসীৰ পৰা সহায় বিচাৰিছে পৰিয়ালটোৱে । পিতৃয়েও পুত্ৰৰ চিকিৎসা কৰি ৰোগীয়া হোৱাত বিপাঙত পৰিছে পৰিয়ালটো । হাঁহ, ছাগলী, গৰু বেছি আৰু কিমান দিন কৰিব পুত্ৰৰ চিকিৎসা । পৰিয়ালটোৱে অসমবাসী ৰাইজৰ সহায় ভিক্ষা বিচাৰিছে । ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এনে মহানুভৱতাক পৰিয়াল লগতে অঞ্চলবাসীয়ে শলাগ লৈছে ।

লগতে পঢ়ক : Breaking lock up in Haflong : হাফলঙত লক আপ ভাঙি পলায়ন কৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.