ETV Bharat / state

মাজুলী অফলামুখত উদ্ধাৰ মৃত বন্যহস্তী - Majuli

বুধবাৰে পুৱা মাজুলীৰ অফলামুখৰ 3 নং শৈল্য স্পাৰত উদ্ধাৰ এটি বন্যহস্তীৰ মৃতদেহ । ব্ৰহ্মপুত্ৰৰ পানীত উটি আহি অফলামুখৰ 3 নং শৈল্য স্পাৰত উদ্ধাৰ কৰা হয় মৃত হাতীটোক ।

a death elephant body recoverd at Majuli

author img

By

Published : Jun 3, 2020, 8:28 PM IST

মাজুলী,3 জুনঃ বুধবাৰে পুৱা মাজুলীৰ অফলামুখ 3 নং শৈল স্পাৰত উদ্ধাৰ কৰা হয় এটি প্ৰকাণ্ড বন্যহস্তীৰ মৃতদেহ । মৃত হাতীটোৰ অনুমানিক বয়স 10 ৰ পৰা 15 বছৰ হ'ব বুলি জানিবলৈ দিয়ে বন বিভাগে । অফলামুখ ৩নং শৈল স্পাৰত স্থানীয় ৰাইজে মৃত হাতীটো পোন প্ৰথমে প্ৰত্যক্ষ কৰি বন বিভাগ আৰু বনগাঁও আৰক্ষী চকীত খবৰ দিয়ে ।

মাজুলী অফলামুখত উদ্ধাৰ মৃত বন্যহস্তী

পিচত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিতি হৈ হাতীটো পানীৰ পৰা উদ্ধাৰ কৰি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু হাতীটোৰ মৃত্য়ুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।

আনহাতে মাজুলীত 21 মে' পৰা এটা বৃহৎ হাতীৰ যাকে মাজুলীৰ ভিন্ন ঠাইত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । সেই জাকৰে এটা হাতী হ'ব পাৰে নেকি, সেই সন্দৰ্ভত মাজুলীৰ চৰ অঞ্চল সমূহৰ পৰা ইমান এটা ডাঙৰ হাতী উতুৱাই আনিব পৰাকৈ পানী হোৱা নাই বুলি উল্লেখ কৰে বন বিভাগে ।

মৰণোত্তৰ পৰীক্ষাৰ বাবে হাতীটো পাৰলৈ উঠাই অনা হয় যদিও মৃত্যুৰ প্ৰকৃত কাৰণ উলিয়াব নোৱাৰিলে পশু চিকিৎসকৰ দলটোৱে । স্থানীয় ৰাইজে ডিব্ৰু চৈখোৱাত যি অইল ইণ্ডিয়াৰ পাইপেৰে গেছ নিৰ্গত হৈ আছিল তাৰ ফলতে এই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । চিকিৎসকগৰাকীয়ে উল্লেখ কৰা অনুসৰি হাতীটো দীৰ্ঘ সময় ধৰি পানীত পৰি থকাৰ বাবে ভিতৰৰ সকলো গেলি যোৱাৰ ফলত নমুনা সংগ্ৰহ কৰাত বিফল হৈছে ।

লগতে চাওকঃ ছবিজগতত ৩৬ টা বছৰ সম্পূৰ্ণ অভিনেতা অনুপম খেৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.