ETV Bharat / state

Majuli by Election: তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত - মাজুলী নিৰ্বাচন ভোটগণনা

বহু প্ৰত্যাশিত মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সামৰণি পৰে (Majuli by election)। তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য মাজুলীৰ ভোটাৰ ৰাইজে বন্দী কৰিলে ইভিএমত । কটকটীয়া নিৰাপত্তাৰ লগতে শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত ভোটদান আবেলি ৫ বজালৈ ৬৫.১৬ শতাংশ সাব্যস্ত হয় ৷

Majuli by Election
তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত
author img

By

Published : Mar 7, 2022, 10:40 PM IST

মাজুলী, 7 মাৰ্চ: বহু প্ৰত্যাশিত মাজুলী বিধানসভা সমষ্টি উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সামৰণি পৰে (Majuli by election)। তিনিগৰাকী প্ৰাৰ্থী ভাগ্য মাজুলীৰ ভোটাৰ ৰাইজে বন্দী কৰিলে ইভিএমত ।

উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰীৰূপে মাজুলীৰ জনতাই কাক আঁকোৱালি ল’ব সেয়া ফলাফল ওলাব অহা ১০ মার্চত (Vote counting date of Majulu by election)। কটকটীয়া নিৰাপত্তাৰ লগতে শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত ভোটদান আবেলি ৫ বজালৈ ৬৫.১৬ শতাংশ সাব্যস্ত হয় । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে শান্তিপূৰ্ণভাৱে ২০৩ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ ।

তিনিগৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ল ইভিএমত

উল্লেখ্য যে, মাজুলী বিধানসভা সমষ্টিত সৰ্বমুঠ ভোটাৰ আছিল ১ লাখ ৩৩ হাজাৰ ২৭৭ গৰাকী । সৰ্বমুঠ ১৬৪ টা মূল ভোট কেন্দ্ৰ আৰু ৩৯ টা সহযোগী ভোটকেন্দ্ৰ । সমষ্টিটোত ৮১২ গৰাকী নিৰ্বাচনী বিষয়া ভোটগ্ৰহনত নিয়োজিত আছিল ।

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ ভূৱন গাম, অসম জাতীয় পৰিষদৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু বাওঁদলৰ প্ৰাৰ্থী ভাইতি ৰিচাঙে মাজুলীৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় ।

লগতে পঢ়ক: দুই দুধৰ্ষ মাওবাদী কেডাৰ অসম আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.