মাজুলী,8 নৱেম্বৰ: সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ দ্বাদশ বাৰ্ষিক অধিৱেশনখনিৰ দেওবাৰে সামৰণি পৰে ৷ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই অধিৱেশন ৷ ইয়াৰ লগতে সমান্তৰালকৈ অনুষ্ঠিত হৈছিল মাজুলী জিলাৰ প্ৰথমখন বাৰ্ষিক অধিৱেশন ৷ এই অধিৱেশনতে মাজুলী আছুৱে জিলা হিচাপে স্বীকৃতি লাভ কৰাত গঠন কৰা হয় মাজুলী জিলা সমিতি ৷ এই সমিতিৰ বাবে সভাপতি-সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয় ক্ৰমে অজিত হাজৰিকা আৰু বিতোপন শৰ্মাক ৷ পৰৱৰ্তী সময়ত মাজুলীৰ উন্নতিৰ স্বাৰ্থত দুয়োগৰাকী বিষয়ববীয়াই দায়িত্ব পালন কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷
লগতে চাওকঃ বিটিচি নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'বলৈ বুঢ়া বাথৌৰ আৰ্শীবাদ ল’লে প্ৰমোদ বড়োৱে