ETV Bharat / state

য়েছে দৰজে ঠংছিৰ সমৰ্থনত প্ৰট্ৰেইট অংকণ লখিমপুৰৰ যুৱকৰ - Assam Sahitya Sabha Presidential candidate Yeshe Dorjee Thongchi

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰিবলৈ তেওঁৰ সমৰ্থনত ওলাই আহিছে অসংখ্য লোক ৷ লখিমপুৰৰ এজন যুৱকে সাহিত্যিকগৰাকীৰ গ্ল' প্ৰট্ৰেইট অংকণ কৰি তেওঁলৈ জনালে সমৰ্থন (Yeshe Dorjee Thongchi glow portrait painting)।

Yeshe Dorjee Thongchi glow portrait painting by young man from Lakhimpur
য়েছে দৰজে ঠংছিৰ সমৰ্থনত গ্ল প্ৰট্ৰেইট অংকণ লখিমপুৰৰ যুৱকৰ
author img

By

Published : Aug 17, 2022, 9:49 PM IST

লখিমপুৰ, 17 আগষ্ট: চলিত বৰ্ষৰ অক্টোবৰ অথবা নৱেম্বৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ নতুন সভাপতি পদৰ বাবে নিৰ্বাচন (Assam Sahitya Sabha election)। অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিকে ধৰি কেইবাগৰাকী সাহিত্যিকৰ নাম চৰ্চালৈ আহিছে । কিন্তু এই নামসমূহৰ মাজত বিশেষ ভাৱে চৰ্চিত হৈছে য়েছে দৰজে ঠংচিৰ নাম (Yeshe Dorjee Thongchi) ৷ ঠংচিক অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত কৰিবলৈ তেওঁৰ সমৰ্থনত ওলাই আহিছে অসংখ্য লোক ৷ আনকি বিশিষ্ট সাহিত্যিক গৰাকীৰ সমৰ্থনত সামাজিক মাধ্যমতো মাত মাতিছে তেখেতৰ অনুৰাগীসকলে ৷

য়েছে দৰজে ঠংছিৰ সমৰ্থনত গ্ল প্ৰট্ৰেইট অংকণ লখিমপুৰৰ যুৱকৰ

শেহতীয়াকৈ লখিমপুৰৰ কপিল বৰুৱা নামৰ এজন যুৱ শিল্পীয়ে ঠংছিৰ গ্ল' প্ৰট্ৰেইট অংকণ কৰি তেখেতক সমৰ্থন জনাৱা পৰিলক্ষিত হৈছে (Yeshe Dorjee Thongchi glow portrait painting)। লখিমপুৰৰ পানীগাঁও চুঙাপৰা নিবাসী তথা পেশাত এগৰাকী শিক্ষক শিল্পী কপিল বৰুৱা ৷ শিল্পীগৰাকীয়ে গ্ল'ৰে বিশিষ্ট সাহিত্যিক গৰাকীৰ ছবি অংকণ কৰি ইতিমধ্যে যথেষ্ট সমাদৃত হৈছে । এই গ্ল'ৰ জৰিয়তে ঠংচিক অসম সাহিত্য সভাৰ সভাপতিৰূপে অধিষ্ঠিত কৰিবলৈ ৰাইজৰ মাজত সজাগতা তথা প্ৰচাৰৰ প্ৰয়াস কৰিছে বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে।

উল্লেখ্য যে, অলপতে বিশিষ্ট সাহিত্যিকগৰাকীৰ সমৰ্থনত অসমৰ দুজন যুৱকে অৰুণাচলৰ চিয়াং পাচিঘাটৰ পৰা লখিমপুৰ হৈ অৰুণাচললৈ চাইকেল যাত্ৰা কৰি যুৱক দুজনে বিনা প্ৰতিদ্বন্দ্বিতাৰে ঠংছিক বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনাইছিল (Assam Sahitya Sabha Presidential candidate Yeshe Dorjee Thongchi) ৷

লগতে পঢ়ক: য়েছে দৰজে ঠংছিৰ সমৰ্থনত দুই যুৱকৰ চাইকেল যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.