ETV Bharat / state

খেতি কৰিয়েই লক্ষাধিক টকা উপাৰ্জন নাওবৈচাৰ উদ্যমী যুৱ কৃষকৰ - নাওবৈচা কৃষি চক্ৰ

বাৰিষাত সংহাৰী ৰূপ ধাৰণ কৰা ৰঙানদীয়ে পেলাই থৈ যোৱা পলসুৱা বালিময় পথাৰত দুহাতেৰে সজাই দুজন যুৱকে বাস্তৱ ৰূপ দিছে সেউজীয়া সপোনক ৷ লখিমপুৰৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰা দুই যুৱকৰ নাম ক্ৰমে বৰগঞা বালি গাঁৱৰ শিক্ষিত যুৱক দুলেন বড়ি আৰু সান্তনা পায়েং ৷খেতি কৰিয়েই দুয়ো যুৱকে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

YOUTH FARMER FROM NOWBOICHA
খেতি কৰিয়েই লক্ষাধিক টকা উপাৰ্জন নাওবৈচাৰ উদ্যমী যুৱ কৃষকৰ
author img

By

Published : Dec 21, 2020, 1:49 PM IST

Updated : Dec 21, 2020, 2:03 PM IST

নাওবৈচা,২১ ডিচেম্বৰঃ বাৰিষাত সংহাৰী ৰূপ ধাৰণ কৰা ৰঙানদীয়ে পেলাই থৈ যোৱা পলসুৱা বালিময় পথাৰত দুহাতেৰে সজাই দুজন যুৱকে বাস্তৱ ৰূপ দিছে সেউজীয়া সপোনক ৷ স্বাৱলম্বিতাৰ পথ ল'ব পাৰিলেই সকলো সমস্যা সমাধান হ'ব বুলি বিশ্বাসী দুয়োগৰাকী যুৱক ৷ যাৰ বাবে চাকৰিৰ বাবে বাট নাচাই নামি পৰিল স্বাৱলম্বিতাৰ যুঁজত ৷ লখিমপুৰ জিলাৰ নাওবৈচাৰ ৰঙানদী পাৰৰ বালিময় চাপৰিত আৰম্ভ কৰিলে যুঁজ ৷

খেতি কৰিয়েই লক্ষাধিক টকা উপাৰ্জন নাওবৈচাৰ উদ্যমী যুৱ কৃষকৰ

বিগত তিনি মাহৰ পৰাই সেউজময় হৈ পৰিছে এতিয়া চাপৰিটো ৷ লখিমপুৰৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰা দুই যুৱকৰ নাম ক্ৰমে বৰগঞা বালি গাঁৱৰ শিক্ষিত যুৱক দুলেন বড়ি আৰু সান্তনা পায়েং ৷ বালি চাপৰিটোতেই বৰগঞা বালি গাঁৱৰ শিক্ষিত যুৱক দুলেন বড়িয়ে বিগত 10-11বছৰে 30 বিঘা মাটিত বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ আন দহ জন ব্যক্তিক উপাৰ্জনৰ পথ দেখুৱাইছে ৷ তদুপৰি দুলেন বড়িয়ে ব্যৱসায় ভিত্তিত জাতি লাও,বন্ধাকবি,ফুলকবি,জলকীয়া,বিলাহী,আলু-মাটিমাহৰ খেতি কৰি আহিছে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ৷ উল্লেখযোগ্য যে চলিত ছেপ্টেম্বৰ মাহৰ পৰাই দুলেন বড়িয়ে জাতিলাও বিক্ৰী কৰিয়েই লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

ঠিক সেইদৰে একে গাঁৱৰে সান্তনা পায়েঙেও দুলেন বড়িৰ দৰে ২০ বিঘা কৃষিভূমিত ফুলকবি,বন্ধাকবি,লাই শাক,আলু,সৰিয়হ,বেঙেনা বিলাতী বগৰী লগতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বছৰি একৰ পৰা দুই লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সান্ত্বনাই ৷ লক্ষণীয়ভাৱে শিক্ষিত যুৱক দুজনে খেতিসমূহত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কেৱল কেঁচুসাৰ প্ৰয়োগ কৰিয়েই মধ্য লখিমপুৰৰ ভিতৰতেই অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে,দুয়োগৰাকী যুৱকে কৃষি কৰ্মত লখিমপুৰ কৃষি বিভাগৰ উদ্যান শস্য পৰিদৰ্শক মাণিক কলিতা আৰু নাওবৈচা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰীৰ দিহা পৰামৰ্শ তথা সহায় সহযোগিতাৰ বাবেই এনে সফলতাৰ মুখ দেখবলৈ পাইছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷ কিন্তু মিছিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা দুয়োগৰাকী উদ্যমী যুৱ কৃষকে মিছিং যুৱক হোৱাৰ পিছতো আজিপৰ্যন্ত সামান্যতমো সুবিধা পোৱা নাই বুলি মন্তব্য কৰে ৷

উল্লেখযোগ্য যে,লখিমপুৰ নগৰকে ধৰি পহুমৰা,পানীগাঁও,দলহাট বজাৰ,গড়ছিগা বজাৰকে ধৰি বহিঃৰাজ্য অৰুণাচলৰ পাচলিৰ বজাৰৰ ব্যৱসায়ীয়ে যুৱক দুজনে কৰা শাক পাচলি নিবলৈ ছেপ্টেম্বৰ মাহৰ পৰাই ভিৰ কৰেহি ৷ অসম চৰকাৰৰ কৃষি বিভাগ অথবা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা অঞ্চলটোত অৰ্থনৈতিক দিশত সবল ভূমিকা গ্ৰহণ কৰি অহা যুৱক দুজনক চৰকাৰী ভাৱে সাহাৰ্য আগবঢ়ালে ভবিষ্যতে হয়তো অঞ্চলটোত বহু শিক্ষিত যুৱক কৃষিৰ জৰিয়তে স্বাৱলম্বী হবলৈ ওলাই আহি ৰাজ্যখনৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰি তুলিব ।

লগতে পঢ়কঃ বৰপেটাৰ 80 বছৰীয়া বৃদ্ধৰ ব্যতিক্ৰমী পদক্ষেপ

Last Updated : Dec 21, 2020, 2:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.