ETV Bharat / state

Drama Workshop at Bihpuria: মাধৱদেৱ বিৰচিত ঝুমুৰা নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ভূমি লেটোৱা নাট প্ৰদৰ্শন - উত্তৰ কমলাবাৰী সত্ৰ

মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ প্ৰচেষ্টাত বৃহত্তৰ বিহপুৰীয়াৰ ছটা স্থানত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নাট সমূহৰ এলানি কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সোমবাৰে প্ৰশিক্ষাৰ্থীসকলে বিহপুৰীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাৰ নামঘৰত গুৰুজনা বিৰচিত “ভূমি লেটোৱা “ নাট প্ৰদৰ্শন কৰে ৷

Workshop on Sri Sri Madhavadeva plays Held at Bihpuria
মাধৱদেৱ বিৰচিত ঝুমুৰা নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ভূমি লেটোৱা নাট প্ৰদৰ্শন
author img

By

Published : Aug 1, 2023, 5:49 PM IST

মাধৱদেৱ বিৰচিত ঝুমুৰা নাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ভূমি লেটোৱা নাট প্ৰদৰ্শন

বিহপুৰীয়া, 1 আগষ্ট : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত, শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত নাৰায়ণপুৰ সংকুলৰ সহযোগিতাত আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ প্ৰচেষ্টাত বৃহত্তৰ বিহপুৰীয়াৰ ছটা স্থানত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নাট সমূহৰ এলানি কৰ্মশালা অনুষ্ঠিত হয় ৷ বৃহত্তৰ বিহপুৰীয়াৰ নাৰায়ণপুৰ, বিহপুৰীয়া, পথালিপাহাৰ, মধুপুৰ, শিমলুগুৰি আৰু ঢলপুৰ আদিৰ ছটা স্থানত অনুষ্ঠিত হয় এই কৰ্মশালা ৷

বৰ নাৰায়নপুৰখ্যাত মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মভূমিৰ প্ৰায় 70 খন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰে ৷ এই উপলক্ষ্যে 31 জুলাই, সোমবাৰে প্ৰশিক্ষাৰ্থীসকলে বিহপুৰীয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাৰ নামঘৰত গুৰুজনা বিৰচিত “ভূমি লেটোৱা “ নাট প্ৰদৰ্শন কৰে ৷ নাট আৰম্ভণিৰ পূৰ্বে বিহপুৰীয়া নগৰৰ আৱৰ্ত ভৱনৰ পৰা ন শিকাৰু সকলে গায়ন বায়নেৰে এক শোভাযাত্ৰা কৰি নাটখন নামঘৰলৈ আগবঢ়াই আনে ৷

শোভাযাত্ৰাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে অসমৰ বিভিন্ন স্থানত থকা 11 খন সত্ৰৰ সত্ৰাধিকাৰ সকলে অংশগ্ৰহণ কৰে ৷ নগৰ নামঘৰত মানস প্ৰতিম গোস্বামীয়ে আঁত ধৰা শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে আদৰণি ভাষণ দিয়ে ৷ লগতে এই আনুষ্ঠানিক সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্য অতিথিৰ ভাষণ দিয়ে ৷ ইয়াৰোপৰি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে বিশিষ্ট অতিথিৰ ভাষণত গুৰু দুজনাৰ অমৰ সৃষ্টি ৰাজি নৱ প্ৰজন্মৰ মাজত বিলাই দিবৰ বাবে আহ্বান জনায় ৷

সভাত বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামী, বদলা সত্ৰৰ সত্ৰাধিকাৰ দীপজ্যোতি মহন্ত , কমলাবাৰী গৃহস্থী সত্ৰৰ সত্ৰাধিকাৰ গোপাল কৃষ্ণ গোস্বামী , নাচনীপাৰ সত্ৰৰ সত্ৰাধিকাৰ মোহন চন্দ্ৰ গোস্বামী ,বদতি চাংগিনী সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ লাগাচু , বটগঞা সত্ৰৰ সত্ৰাধিকাৰ বিষ্ণুদেৱ গোস্বামী , বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভুঞা , প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকা , মুখ্য প্ৰশিক্ষক হৰিচৰণ ভুঞা বৰবায়ন , প্ৰশিক্ষণ কেন্দ্ৰৰ তত্বাৱধায়ক বিনোদ কৃষ্ণ শৰ্মাকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: Shiva Puja in Shravan Month : শাওন মাহত শিৱ লিংগত কি অৰ্পণ কৰিলে লাভালাভ পোৱা যায় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.