ETV Bharat / state

লখিমপুৰত 1লাখ 20হাজাৰ টকাৰ চোৰাং কাঠ জব্দ

author img

By

Published : Dec 18, 2020, 3:41 PM IST

লখিমপুৰত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ ২০ হাজাৰ ৷ চোৰাং কাঠখিনি সন্দৰ্ভত বন বিভাগে অব্যাহত ৰাখিছে তদন্ত ৷

wood-recover-in-lakhimpur
লখিমপুৰত 1লাখ 20হাজাৰ টকাৰ চোৰাং কাঠ জব্দ

লখিমপুৰ,18ডিচেম্বৰ: লখিমপুৰত অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়। বুধবাৰে নিশা বগীনদীৰ সমীপৰ সোৱণশিৰি নদীৰ হেকেৰাজানত জব্দ কৰা হয় প্ৰায় ১ লাখ ২০ হাজাৰ টকাৰ মূল্যবান চোৰাং কাঠ ৷ বন বিভাগৰ এক অভিযানত জব্দ কৰা হয় চোৰাং কাঠখিনি ৷ সোৱণশিৰি নৈৰ বুকুৰে কঢ়িয়াই অনাৰ সময়তে প্ৰায় ৩শ চেফ টি শিমলু কাঠ বগীনদী আৰক্ষীৰ সহযোগত জব্দ কৰা হয় । এই চোৰাং কাঠখিনি কোনে,ক'ৰ পৰা আনিছিল এই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও বন বিভাগে এই ক্ষেত্ৰত অব্যাহত ৰাখিছে তদন্ত ৷

উল্লেখ্য যে,নিতৌ সোৱণশিৰিৰ বুকুৰে সৰবৰাহ হয় বহু মূল্যবান কাঠ ৷ বন বিভাগৰ গাফিলতিৰ বাবেই জিলাখনত এনেদৰে চোৰাং কাঠৰ বেহা চলি থকা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: আইপিএছ বিষয়াৰ হস্তান্তৰৰ সন্দৰ্ভত নতুন নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.