বিহপুৰীয়া,29মে': মঙলবাৰে নিশা নাৰায়ণপুৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ নাৰায়ণপুৰৰ ধলপুৰ কাঠনি মাজগাঁৱত দীৰ্ঘদিনীয়া ঘৰুৱা অশান্তিৰ পৰিণতিত মঙলবাৰে নিশা পত্নীয়ে হত্যা কৰিলে স্বামীক৷ উল্লেখ্য যে কাঠনি মাজগাঁৱৰ বুধিৰাম বৰকটকীয়ে প্ৰতিদিনে মদ্যপান কৰি ঘৰুৱা অশান্তি কৰি আহিছিল ৷ যোৱানিশাও অনুৰুপ পৰিস্থিতি সৃষ্টি কৰি অশান্তি কৰি পত্নী গুনেশ্বৰী বৰকটকীক প্ৰহাৰ কৰাৰ পৰিণতিত পত্নীয়ে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰে বুধিৰাম বৰকটকীক৷ পাচত স্বামীৰ কটা মূৰ মোনাত ভৰাই মাজৰাতি ধলপুৰ আৰক্ষী চকীত উপস্থিত হয়গৈ পত্নী গুনেশ্বৰী বৰকটকী ৷
ইপিনে ৰাতি প্ৰায় এঘাৰ বজাত সংঘটিত হোৱা হত্যাকাণ্ডৰ সময়ত ঘৰত নাছিল দুই পুত্ৰ ৷ আৰক্ষীয়ে মাজনিশাই ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা আৰু বুধিৰামৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰে ৷