লখিমপুৰ, ১৮ জানুৱাৰী : বজৰং দলৰ কৰ্মী শম্ভু কৈৰীৰ হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ উত্তেজনা অব্যাহত আছে (Bajrang Dal activists murder)। বজৰং দল, বিশ্ব হিন্দু পৰিষদকে ধৰি কেইবাটাও হিন্দুত্ববাদী সংগঠনে ঘটনাটোৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । লখিমপুৰত বুধবাৰে বিশ্ব হিন্দু পৰিষদৰ একাংশ নেতা-কৰ্মীয়েও শম্ভু কৈৰীৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে কৰিমগঞ্জত যোৱা ৮ জানুৱাৰীত বজৰং দলৰ কৰ্মী শম্ভু কৈৰীক দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিছিল (Karimganj Shambhu Koiri murder case)। প্ৰশিক্ষণৰ পৰা উভতি অহাৰ পথতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শম্ভু কৈৰীক হত্যা কৰা হৈছিল । ইতিমধ্যে ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও ৰাজ্যজুৰি এই ঘটনাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।
হত্যাকাৰীক জেহাদী আখ্যা দি ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে । হত্যাকাৰীক ফাঁচীৰো দাবী তুলিছে প্ৰতিবাদকাৰীসকলে । ইয়াৰ মাজতে বুধবাৰে লখিমপুৰ নগৰত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ জিলা সমিতিয়ে এক প্ৰতিবাদী সমদলৰ আয়োজন কৰে (Vishva Hindu Parishad protest at Lakhimpur)। নগৰৰ মাজেৰে গৈ প্ৰতিবাদী সমদলটো উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় । তাৰ পাছতে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠন দুটাই প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Bajrang Dal protest at Lakhimpur)।
শম্ভু কৈৰীৰ হত্যাকাৰীক জেহাদী আৰু মৌলবাদী আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে । লগতে হত্যাকাৰীক অতি শীঘ্ৰে ফাঁচী দিয়াৰো দাবী জনাই । প্ৰতিবাদৰ অন্তত সংগঠন দুটাই উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । স্মাৰক পত্ৰখনৰ জৰিয়তে প্ৰতিবাদকাৰীয়ে হিন্দুৰ ওপৰত চলা আক্ৰমণ ৰোধ কৰিবলৈ দাবী জনায় ।
শম্ভু কৈৰীৰ উপৰিও দেশৰ ভিন্ন প্ৰান্তত হিন্দুৰ ওপৰত আক্ৰমণ অব্যাহত আছে বুলিও দাবী কৰে প্ৰতিবাদকাৰীয়ে । জম্মু-কাশ্মীৰত হিন্দুৰ ওপৰত প্ৰতিদিনে আক্ৰমণ চলি আছে বুলিও তেওঁলোকে দাবী কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি লীলাকান্ত গগৈ, সম্পাদক ৰাজেশ্বৰ দেউৰীসহ একাংশ নেতা-কৰ্মীয়ে অংশগ্রহণ কৰে ।