ETV Bharat / state

গৈয়ে থাকিম...ব্যতিক্ৰমী চাইকেল যাত্ৰা ত্ৰিবেণীৰ - unick cycle journey of a boy lakhimpur assam etv bharat news

সুন্দৰ পৃথিৱীৰ সপোন দেখা এগৰাকী যুৱকৰ ব্য়তিক্ৰমী চাইকেল যাত্ৰা ৷ নৱপ্ৰজন্মক পৰ্যটনৰ প্ৰতি সজাগতা, বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে যুৱকজনে এই কাৰ্যসূচী গ্ৰহণ কৰে ৷

unick cycle journey of a boy lakhimpur assam etv bharat news
ব্যতিক্ৰমী চাইকেল যাত্ৰা ত্ৰিবেণীৰ
author img

By

Published : Nov 25, 2020, 8:54 PM IST

বিহপুৰীয়া,25 নৱেম্বৰ: লখিমপুৰৰ ঘিলামৰাৰ ত্ৰিবেণী ৰঞ্জন গগৈ নামৰ এজন যুৱকে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ বিগত ৯ নৱেম্বৰত চাইকেলেৰে যাত্ৰা আৰম্ভ কৰিছে যুৱকজনে ৷ গৈয়ে থাকিম শীৰ্ষক শ্লোগানেৰে যুৱকজনে বিগত প্ৰায় ১৫ দিনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৃথিৱীখন ধুনীয়া কৰাৰ উদ্দেশ্য লৈ যাত্ৰা কৰিছে ৷ নৱপ্ৰজন্মক পৰ্যটনৰ প্ৰতি সজাগতা, বায়ু আৰু শব্দ প্ৰদূষণ ৰোধ কৰাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে যুৱকজনে এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ বুধবাৰে ত্ৰিবেণী ৰঞ্জন গগৈ উপস্থিত হয় নাৰায়ণপুৰত ৷

ব্যতিক্ৰমী চাইকেল যাত্ৰা ত্ৰিবেণীৰ

উল্লেখ্য যে, সুন্দৰ পৃথিৱীৰ সপোন দেখা যুৱকজন বৰ্তমান গুজৰাটত Physical Education বিভাগত অধ্যয়নৰত৷ নৱপ্ৰজন্মৰ বাবে একপ্ৰকাৰ আদৰ্শ হৈ পৰা যুৱকজনে সকলোকে বাহন পৰিহাৰ কৰি প্ৰদূষণ কমাবলৈ চাইকেল ব্যৱহাৰৰ বাবে আহ্বান জনাইছে ৷

লগতে চাওকঃ পাঁচটাকৈ ধৰ্মীয় স্থানত আশীৰ্বাদ লৈ শেষ যাত্ৰা কৰিব গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.