ETV Bharat / state

ধলপুৰত চুৰি বাইকসহ ধৃত চোৰ

author img

By

Published : Jun 2, 2020, 3:28 PM IST

লকডাউন অব্যাহত থকাৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুষ্ট চক্ৰৰ কু-কাৰ্য । বিহপুৰীয়া আৰক্ষীৰ জালত পৰিল বাইক চুৰি কৰা দুই চোৰ ।

two bike thief arrested at Dhalpur
two bike thief arrested at Dhalpur

লখিমপুৰ, 2 জুনঃ লকডাউনৰ মাজতেই এখন পালচাৰ বাইক চুৰি কৰি বিহপুৰীয়া আৰক্ষীৰ জালত পৰিল দুই গভাইত বাইক চোৰ । লকডাউনৰ সময়ত বিহপুৰীয়া নগৰৰ পৰা বাইক চুৰি কৰি উধাও হৈছিল ক্ৰমে ৱাচিম আনচাৰী আৰু চুলতান মোল্লা নামৰ ধৃত চোৰ দুজন । এক গোপন খবৰৰ ভিত্তিতেই বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা এক অভিযানত ধলপুৰৰ পৰা চুৰি বাইকসহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুই চোৰক ।

উল্লেখ্য যে, দুই বাইক চোৰ আৰক্ষীৰ জালত পৰিছে যদিও এতিয়াও পলাতক অৱস্থাত আছে তিনিজনীয়া বাইক চুৰি দলটোৰ আন এজন সদস্য । বৰ্তমানে দুই চোৰক সোধা পোচা কৰি পলাতক বাইক চোৰৰ সন্ধানত নামি পৰিছে আৰক্ষী দলটো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.