ETV Bharat / state

Pranab Saikia Murder Case : হত্যাকাণ্ডৰ বলি হোৱা প্ৰণৱ শইকীয়ালৈ সহস্রাধিক লোকৰ শ্ৰদ্ধাঞ্জলি

হত্যাৰ বলি হোৱা লখিমপুৰৰ প্ৰণৱ শইকীয়াৰ প্ৰতি সহস্রাধিক লোকৰ শ্ৰদ্ধাঞ্জলি ৷ দুৰ্বৃত্তৰ নৃসংশ হত্যাৰ বলি হোৱা লখিমপুৰ নগৰৰ সমীপৰ চাংমাই গাঁও গোৱৰীশালীৰ যুৱক প্ৰণৱ শইকীয়াৰ সোমবাৰে আদ্য শ্ৰাদ্ধ সম্পন্ন হয় ৷

author img

By

Published : Aug 7, 2023, 9:45 PM IST

Tribute to Murder Victim Pranab Saikia
হত্যাৰ বলি হোৱা প্ৰণৱ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি
প্ৰণৱ শইকীয়ালৈ সহস্রাধিক লোকৰ শ্ৰদ্ধাঞ্জলি

লখিমপুৰ, ৭ আগষ্ট : দুৰ্বৃত্তৰ নৃশংস হত্যাৰ বলি হোৱা লখিমপুৰৰ প্ৰণৱ শইকীয়াৰ প্ৰতি সহস্রাধিক লোকৰ শ্ৰদ্ধাঞ্জলি ৷ ২৮ জুলাইৰ নিশা দুৰ্বৃত্তৰ নৃসংশ হত্যাৰ বলি হোৱা লখিমপুৰ নগৰৰ সমীপৰ চাংমাই গাঁও গোৱৰীশালীৰ যুৱক প্ৰণৱ শইকীয়াৰ সোমবাৰে আদ্য শ্ৰাদ্ধ সম্পন্ন হয় ৷ আদ্য শ্ৰাদ্ধ উপলক্ষে বৃহত্তৰ নগৰ পশ্চিমাঞ্চল সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সন্ধিয়া এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

যি স্থানত প্ৰণৱক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰিছিল সেই স্থানৰ পৰা মাথোঁ এশ মিটাৰ নিলগত পাঁচ নৈ সংযোগী দলঙৰ কাষত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানটোত সমীপৱৰ্তী গাঁও সমূহৰ সহস্ৰাধিক ৰাইজৰ লগতে নগৰ তথা বিভিন্ন প্ৰান্তৰ বহু ব্যক্তিয়ে প্ৰয়াত প্ৰণৱ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সকলোৱে হত্যাৰ বলি হোৱা প্ৰণৱ শইকীয়াৰ স্মৃতি চাৰণ কৰি আবেগিক হৈ পৰে ৷ ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ পৰা আৰক্ষী বিষয়ালৈ সকলোৱে প্ৰয়াত প্ৰণৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বক্তব্য ৰাখি বিশিষ্ট ব্যক্তি সকলে প্ৰণৱৰ মৃত্যুৰ ঘটনাই শেষ ঘটনা হওক বুলি কামনা কৰে ৷ সকলোকে ঐক্যবদ্ধ ভাৱে হিংসাবৰ্জিত এখন সুন্দৰ সমাজ গঢাত অৰিহণা যোগাবলৈ তেওঁলোকে ৰাইজক আহ্বান জনায় ৷ উল্লেখ্য যে, সোমবাৰে আদ্য শ্ৰাদ্ধ সম্পন্ন হোৱাৰ আগলৈকে বৃহত্তৰ নগৰ পশ্চিমাঞ্চল সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত বিভিন্ন স্থানত প্ৰণৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছিল ৷ আদ্য শ্ৰাদ্ধ উপলক্ষে সন্ধিয়া বিশাল পৰিসৰত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

যদুমনি বৰুৱাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সকলোৱে সেমেকা নয়নেৰে অঞ্চলটোৰ পৰা হেৰাই যোৱা মৰমৰ যুৱকজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ অনুষ্ঠানটোত প্ৰণৱৰ মাতৃয়েও শোকাবিভূত হৈ দুআষাৰ মন্তব্য ৰাখে ৷ উল্লেখ্য যে, প্ৰণৱৰ হত্যাকাণ্ডৰ অভিযুক্ত তিনিটাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ হত্যাকাৰী যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ বাবে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচী দিয়াৰ দাবী কৰিছে ৰাইজে ৷ প্ৰয়াত প্ৰণৱ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই ৰাইজে মুখ্যমন্ত্রীৰ প্ৰতি অপৰাধীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ফাঁচী দিয়াৰ আহ্বান জনায় ৷

লগতে পঢ়ক : Price hike in Assam:লখিমপুৰত যোগান মন্ত্রীৰ পুত্তলিকা দাহ AJYP ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.