ETV Bharat / state

Traffic police at railway crossing: লখিমপুৰৰ ৰে'লৱে ক্ৰচিঙত যান-বাহন শাখাৰ আৰক্ষী

author img

By

Published : Aug 5, 2023, 3:27 PM IST

লখিমপুৰৰ ৰে'লৱে ক্ৰচিঙত কৰ্তব্যত নিয়োজিত হ'ল অসম আৰক্ষীৰ যান-বাহন শাখাৰ আৰক্ষী । আচহুৱা যেন লাগিলেও দেখা গ'ল এই পৰিৱেশ । লখিমপুৰৰ নকাৰী ৰে'লৱে ক্ৰচিঙত শনিবাৰৰ পৰা কৰ্তব্যত নামিল যান-বাহন শাখাৰ আৰক্ষী ।

Traffic branch police at railway crossing in Lakhimpur
লখিমপুৰৰ ৰে'লৱে ক্ৰচিঙত যান-বাহন শাখাৰ আৰক্ষী

লখিমপুৰ,৫ আগষ্ট: লখিমপুৰৰ ৰে'লৱে ক্ৰচিঙত যান বাহন শাখাৰ আৰক্ষী। যান বাহন শাখাৰ আৰক্ষী কৰ্তব্যত নিয়োজিত হৈছে ৰে'লৱে ক্ৰচিঙত । শুনিবলৈ আচহুৱা বা অবিশ্বাস্য যেন লাগিলেও সঁচা । লখিমপুৰ নগৰ এলেকাৰ নকাৰী ৰে'লৱে ক্ৰচিঙত আজিৰে পৰা কৰ্তব্যত নিয়োজিত হৈছে অসম আৰক্ষীৰ যান-বাহন শাখাৰ লোক ।

ৰে'ল অহাৰ কিছু সময়ৰ পূৰ্বে সাধাৰণতে ক্ৰচিং গেট বন্ধ হৈ পৰে । ৰে'ল পাৰ হৈ যোৱাৰ পাছত পুনৰ ক্ৰচিং গেট খোল খায় । যাৰ বাবে ক্ৰচিঙত দুৰ্ঘটনাৰ সম্ভাৱনা মুঠেই নাথাকে । তেনেস্থলত লখিমপুৰৰ নকাৰী ৰে'লৱে ক্ৰচিঙত যান-বাহন শাখাৰ আৰক্ষী কিয় নিয়োগ কৰিবলগীয়া হ'ল সেইয়া প্ৰথম দৃষ্টিত এক ডাঙৰ কৌতুহলৰ বিষয় ।

উল্লেখ্য নকাৰী ৰে'লৱে ক্ৰচিঙত ৰে'ল নিয়ন্ত্রণৰ বাবে যান-বাহন শাখাৰ আৰক্ষী নিয়োগ কৰা হোৱা নাই । ক্ৰচিংটোৰ দুয়োদিশে ৰে'ল গেট বন্ধ হৈ থকাৰ সময়ত যান-বাহন শৃংখলিত কৰাৰ বাবেহে আৰক্ষী নিয়োগ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । কিয়নো এই ৰে'লৱে ক্ৰচিঙত একাংশ লোকে ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰে ।

ৰে'ল অহাৰ সময়ত যেতিয়া ক্ৰচিংটোৰ গেট বন্ধ হৈ পৰে তেতিয়া দুয়োদিশে যান-বাহনসমূহে সমগ্র পথটো আগুৰি ৰাখে । দুয়ো দিশে পথটোৰ একাষে যান-বাহনসমূহ শাৰী পাতি ৰখোৱাৰ পৰিৱৰ্তে সমগ্র পথটো আগুৰি ৰাখে যান-বাহনসমূহে । ফলত ৰে'ল গেট খোলাৰ পাছত এক চৰম বিশৃংখল পৰিৱশ সৃষ্টি হয় ।

দুয়োদিশে যান-বাহনসমূহে সমগ্র পথটো আগুৰি ৰখাৰ ফলত কোনো ফালৰ পৰা যান-বাহন আগুৱাব নোৱাৰা হয় । কেতিয়াবা ঘন্টা জুৰি এনে বিশৃংখল পৰিৱেশ বিৰাজ কৰে । বছৰ বছৰ ধৰি চলি অহা এই পৰিৱেশ দুৰ কৰিবলৈ শনিবাৰৰে পৰা ক্ৰচিংটোত যান-বাহন শাখাৰ আৰক্ষী নিয়োগ কৰা হৈছে । আৰক্ষীয়ে ক্ৰচিংটোৰ গেট বন্ধ হোৱাৰ লগে লগে দুয়ো দিশে যান-বাহনসমূহ পথৰ একাষে শাৰী পাতি ৰখোৱাৰ ব্যবস্থা কৰে । যাৰ বাবে ইমান দিনে চলি অহা বিশৃংখল পৰিৱেশ দুৰ হৈ এক সুন্দৰ শৃংখলিত পৰিবেশ আৰম্ভ হৈছে ।

লগতে পঢ়ক: Silapathar: ভূগোল বিজ্ঞানত সৰ্বোচ্চ নম্বৰেৰে উজ্বলিল মেধাৱী ছাত্ৰ বিজয়াদিত্য চুংক্ৰাং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.