ETV Bharat / state

TIPPER Association slams Govt : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ডাম্পাৰৰ মালিকৰ - চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ডাম্পাৰৰ মালিকসকলৰ

বিপদত পৰিছে ডাম্পাৰৰ মালিকসকল (Dumper owners of Assam in trouble)। অভিযোগ অনুসৰি বন বিভাগ আৰু পৰিবহণ বিভাগৰ মাজত সমন্বয় নোহোৱাৰ বাবে ডাম্পাৰসমূহে জৰিমনা ভৰিবলগীয়া হৈছে । চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ডাম্পাৰৰ চলাচল বন্ধ কৰাৰ হুংকাৰ ।

TIPPER Association slams Govt
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ডাম্পাৰৰ মালিকসকলৰ
author img

By

Published : Jul 20, 2022, 10:04 AM IST

Updated : Jul 20, 2022, 10:53 AM IST

লখিমপুৰ,২০ জুলাই : ৰাজ্যত প্ৰায় ডাম্পাৰৰ চালকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হয় । যান-বাহন আইন উলংঘনকে ধৰি ডাম্পাৰৰ দৌৰাত্মক লৈ বহু অভিযোগ আছে ডাম্পাৰৰ বিৰুদ্ধে । কিন্তু এইবাৰ ডাম্পাৰৰ মালিকসকলে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে । বন বিভাগ আৰু পৰিবহণ বিভাগৰ মাজত সমন্বয়হীনতাৰ অভিযোগ আনিছে ডাম্পাৰৰ মালিকসকলক লৈ গঠিত তিপাৰ সন্থাই (No coordination between Forest and Transport department)।

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ডাম্পাৰৰ মালিকৰ

মঙলবাৰে এই সন্দৰ্ভত লখিমপুৰ তিপাৰ সন্থাই এক সংবাদমেলো সম্বোধন কৰে (TIPPER Association press meet at North Lakhimpur)। উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত সন্থাই সন্মুখীন হোৱা সমস্যাসমূহ উত্থাপন কৰে । সন্থাৰ মতে বিভাগীয় নীতি নিয়ম অনুসৰি সামগ্ৰী কঢ়িয়াই অনাৰ পাছতো চৰকাৰৰ আন এটা বিভাগৰ ৰোষত পৰিবলগীয়া হৈছে ডাম্পাৰসমূহ । যাৰ বাবে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ মালিকসকল আতংকিত হৈ পৰিছে ।

তেওঁলোকৰ মতে বন বিভাগে সাধাৰণ এখন ডাম্পাৰত শিল-বালি সৰবৰাহ কৰিবলৈ অনুমতি দিয়ে ১০ চেণ্টিমিটাৰৰ, কিন্তু বিপৰীতে সেই ১০ চেণ্টিমিটাৰ শিল-বালি আনিলে জৰিমনা বিহে পৰিবহণ বিভাগে । সেয়ে সন্থাই দাবী জনাইছে যাতে বন বিভাগৰ ৰাজহ সংগ্ৰহৰ পুৰণি ব্যবস্থাটো আঁতৰাই নতুন ব্যবস্থা গ্ৰহণ কৰে (TIPPER Association slams Govt)। যদিহে এই ব্যবস্থা প্ৰৱৰ্তন নকৰে তেনেহ'লে অতি সোনকালে এই ডাম্পাৰৰ মালিকসকলে গাড়ী চলোৱা বন্ধ কৰি দিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক :Pankaj Pathak controversy: অগপৰ পৰা বহিষ্কাৰ পংকজ পাঠকক

Last Updated : Jul 20, 2022, 10:53 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.