ETV Bharat / state

Many trees will be cut down in Lakhimpur : পথ উন্নয়নৰ নামত লখিমপুৰত সহস্ৰাধিক গছ কটাৰ প্ৰস্তুতি

author img

By

Published : Jun 26, 2023, 1:50 PM IST

লখিমপুৰত অচিৰেই ধ্বংস হ’ব সহস্ৰাধিক গছ । এয়া পিচে কোনো চোৰাং ব্যৱসায় বা অন্য কিবা নহয় । উন্নয়নৰ নামত এইবাৰ চৰকাৰৰ উদ্যোগতে সহস্ৰাধিক গছ কাটি পেলোৱাৰ প্ৰস্তুতি কৰা হৈছে বুলি তথ্য লাভ কৰা হৈছে ।

Many trees will be cut down in Lakhimpur
লখিমপুৰত অচিৰেই ধ্বংস হ’ব সহস্ৰাধিক গছ
লখিমপুৰত অচিৰেই ধ্বংস হ’ব সহস্ৰাধিক গছ

লখিমপুৰ, ২৬ জুন : উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস কৰাৰ প্ৰস্তুতি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে, এইবাৰ ভাৰত মালাৰ অধীনত পথ নিৰ্মাণৰ নামত লখিমপুৰ জিলাত সহস্ৰাধিক গছ কাটিবলৈ সাজু হৈছে বন বিভাগ তথা প্ৰশাসন ৷ এই বাতৰি বিয়পি পৰাৰ পাচতে চিন্তিত হৈ পৰিছে লখিমপুৰবাসী তথা প্ৰকৃতিপ্ৰেমীসকল ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ভাৰত মালা আঁচনিৰ অধীনত লখিমপুৰ নগৰৰ কে বি ৰোডৰ পৰা খাবলু ঘাট পর্যন্ত পূৰ্বৰ পথটো বহল আৰু সবলীকৰণৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ইতিমধ্যে বন বিভাগ, ৰাজহ বিভাগ আৰু লোক নিৰ্মাণ বিভাগে পথ নিৰ্মাণৰ বাবে যাৱতীয় জৰীপ সম্পন্ন কৰি তুলিছে ৷ সেই মৰ্মে কে বি ৰোডৰ পথৰ দাঁতিত থকা 1483 জোপা সৰু-বৰ গছ কটাৰ বাবে গণনা সম্পূৰ্ণ হৈ উঠিছে ৷

একেদৰে লীলাবাৰী এয়াৰপৰ্ট পথটো নিৰ্মাণৰ বাবেও 47 জোপা গছ কটাৰ বাবে গণনা সম্পূৰ্ণ কৰি তোলা হৈছে । মুঠতে এতিয়া লখিমপুৰৰ কে বি ৰোডৰ দুয়োকাষে থকা 1483 জোপা গছৰ লগতে লীলাবাৰী পথৰ 47 জোপা গছে মৃত্যুৰ ক্ষণ গণিছে । অচিৰেই এই গছসমূহ নাইকীয়া হৈ পৰিব লখিমপুৰৰ পথৰ পৰা ৷ চৰকাৰে উন্নয়নৰ নামত চৰকাৰে চলোৱা এই বন ধ্বংস যজ্ঞক লৈ এতিয়া লখিমপুৰৰ বিভিন্নজনে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

ইফালে চোৰাং বেহাৰ সৈতে জড়িত একাংশই নিতৌ চোৰাংভাৱে গছ কটাৰ উপৰিও জিলাখনৰ সংৰক্ষিত বনাঞ্চলতো দিনে নিশাই চলি আছে বন ধ্বংস অভিযান । এনে কাৰ্যক নিৰ্মূল কৰাৰ বিপৰীতে চৰকাৰে উন্নয়নৰ নামত গছ কাটিবলৈ লোৱাত প্ৰকৃতিপ্ৰেমীৰ সমালোচনাৰ সন্মুখীন হৈছে এতিয়া চৰকাৰ ৷

প্ৰকৃতিক ৰক্ষা কৰাৰ স্বাৰ্থত সচেতন তথা প্ৰকৃতিপ্ৰেমী ৰাইজে পথ নিৰ্মাণৰ নামত লখিমপুৰ নগৰৰ কে বি ৰোডৰ পৰা খাবলু ঘাট পর্যন্ত থকা এই গছসমূহ কটাৰ বিপৰীতে সুৰক্ষা প্ৰদান কৰিবলৈহে চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক : Hunting of Endangered birds : জনীয়াৰ মহম্মদপুৰত মুকলিকৈ চলিছে পক্ষী নিধন যজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.