লখিমপুৰ, 22 অক্টোবৰ: অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি ৷ ইনাৰ লাইন পাৰ্মিটক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ অৰুণাচলত কৰ্মৰত একাংশ অনা অৰুণাচলী লোকক বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰি সৃষ্টি হয় এই উত্তেজনাৰ ৷
জানিব পৰা মতে,সোমবাৰৰ পৰা অৰুণাচলৰ ৰাজধানী ইটানগৰৰ লগতে নাহৰলগুন নিৰজুলি আদি ঠাইৰ পৰা ইনাৰ লাইন পাৰ্মিট নথকা একাংশ অনা অৰুণাচলীক বাহিৰ কৰি দিছে অৰুণাচল প্ৰদেশ নিচি ছাত্ৰ সন্থাৰ লগতে অৰুণাচল আৰক্ষী প্ৰশাসনে। কেৱল সেইয়াই নহয় সীমান্তত থকা অসম আৰক্ষীকো কেৰেপ নকৰি অৰুণাচলী যুৱকে ৰাজপথত অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
যাক লৈ এতিয়া অৰুণাচলত প্ৰৱেশ কৰিবলৈ বহু লোক শংকিত হোৱাৰ লগতে তাতে কৰ্মসূত্ৰে বাস কৰি থকা লোকসকলে ত্যাগ কৰিছে অৰুণাচল প্ৰদেশ। নিচি ছাত্ৰ সন্থা আৰু অৰুণাচল আৰক্ষীৰ অত্যাচাৰৰ সন্মুখীন হোৱাৰ ভয়ত অৰুণাচল ত্যাগ কৰিছে অনা অৰুণাচলী লোকসকলে ।