ETV Bharat / state

শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে নাৰায়ণপুৰত শিক্ষক-শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া - Ranoj Pegu

ৰাজ্য়ৰ শিক্ষা বিভাগৰ শেহতীয়া সিদ্ধান্তই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাৰ্কশ্বীট খন চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ঘোষণা কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

teacher-student-reaction-in-narayanpur-against-education-departments-decision
শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে নাৰায়ণপুৰত শিক্ষক-শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jul 3, 2021, 5:26 PM IST

বিহপুৰীয়া, 3 জুলাই : উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰা সিদ্ধান্ত মানি ল'ব পৰা নাই শিক্ষক-ছাত্ৰ-ছাত্ৰীসকলে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষক-শিক্ষাৰ্থীসকলৰ সমান্তৰালকৈ নাৰায়ণপুৰতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ মূল্যহীন প্ৰমানপত্ৰৰ প্ৰক্ৰিয়াটো বাতিল কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক সকলেও শিক্ষা বিভাগ তথা চৰকাৰক আহ্বান জনাইছে ৷ চাকৰিৰ ক্ষেত্ৰত মূল্যহীন মাৰ্কশ্বীট প্ৰদানৰ ঘোষণাত ভাগি পৰিছে শিক্ষাৰ্থীৰ লগতে অভিভাৱক আৰু শিক্ষকসকল ৷

উল্লেখ্য যে, নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমি নামৰ অগ্ৰণী শিক্ষানুষ্ঠান খনৰ পৰা বিগত সময়ত কেবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ স্থান দখল কৰাৰ লগতে প্ৰতিবছৰে বিদ্যালয় খনৰ উত্তীৰ্ণৰ হাৰ আছিল এশ শতাংশ ৷ কিন্তু ক'ভিড (Covid) পৰিস্থিতিৰ বাবে শেহতীয়া দুটা বৰ্ষত শিক্ষানুষ্ঠান খনত বিৰাজ কৰা নাই পূৰ্বৰ উৎসৱমুখৰ পৰিৱেশে ৷ ৰাজ্যৰ শিক্ষা বিভাগৰ কাণ্ডজ্ঞানহীন সিদ্ধান্তত দিশহাৰা হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল ৷

শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে নাৰায়ণপুৰত শিক্ষক-শিক্ষাৰ্থীৰ প্ৰতিক্ৰিয়া

ইফালে শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অচিৰেই নতুন ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণৰ দাবী জনাইছে আছুৰ (AASU) লগতে বিভিন্ন ছাত্ৰ সংগঠনে ৷ ফলাফল প্ৰতিবেদনৰ 5 নং দফাই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ ভৱিষ্যত নমাই আনিব বুলি শংকা ব্যক্ত কৰি চৰকাৰৰ এনে সিদ্ধান্তই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলোকে বিপাঙত পেলাইছে বুলি মন্তব্য কৰে বিভিন্ন দল-সংগঠনে ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনকলৈ হেতালি নেখেলিবলৈ ৰাজ্যৰ শিক্ষা বিভাগটোক (Education department) সকীয়াই দিছে বিভিন্ন দল-সংগঠনে ৷

উল্লেখ্য যে, ৰাজ্যৰ সাত লাখ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অৱসান ঘটাই বৃহস্পতিবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত পৰীক্ষাৰ ফলাফল ঘোষণাৰ মূল্যায়ন পদ্ধতি ৰাজহুৱা কৰিছিল ৷ মেট্ৰিক (HSLC) নাইবা উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাৰ নম্বৰক আধাৰ হিচাপে লৈ চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত এই মূল্যায়ন পদ্ধতিত উত্তীৰ্ণক মান্যতা প্ৰদান কৰা নহ'ব বুলি ঘোষণা কৰিছিল ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে ৷ সেয়ে ভবিষ্যতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ হ'লে এই বৰ্ষৰ মূল্যায়নত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে আন এক বিশেষ পৰীক্ষাত বহিব লাগিব বুলি ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে (Ranoj Pegu)৷

লগতে পঢ়কঃ বিকল্প মূল্যায়ন ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিছে বুলি কোনে ক’লে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.