ETV Bharat / state

Opposition to constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে পৃথক ৰাজ্যৰ দাবীৰ হুংকাৰ - Opposition to constituency Delimitation

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া কোনো কাৰণতে মানি নলয় টাই আহোম জাতীয় পৰিষদে(TAJP opposes re determination of constituencies) । চৰকাৰে বলপূৰ্বকভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ(Delimitation of Constituencies) কৰিব খুজিলে উজনি অসমক সামৰি পৃথক ৰাজ্যৰ দাবী কৰাৰ হুংকাৰ টাই আহোম জাতীয় পৰিষদৰ । দেওবাৰে বিয়লি লখিমপুৰত অনুষ্ঠিত পৰিষদৰ এখন বিশেষ সভাৰ পৰা চৰকাৰলৈ এনেদৰে পৰিষদে সকীয়নি প্ৰদান কৰে ।

TAJP opposes re determination of constituencies
সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে পৃথক ৰাজ্যৰ দাবীৰ হুংকাৰ
author img

By

Published : Feb 27, 2023, 11:10 AM IST

Updated : Feb 27, 2023, 12:42 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে পৃথক ৰাজ্যৰ দাবীৰ হুংকাৰ

লখিমপুৰ,২৭ ফেব্ৰুৱাৰী: ৰাজ্যত বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰিছে টাই আহোম জাতীয় পৰিষদে (TAJP opposes re determination of constituencies) । দেওবাৰে বিয়লি লখিমপুৰত পৰিষদে উজনি অসমক সামৰি প্ৰয়োজন হ'লে পৃথক ৰাজ্যৰ দাবী তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে । লখিমপুৰত অনুষ্ঠিত টাই আহোম জাতীয় পৰিষদৰ এখন বিশেষ সভাৰ পৰা এই বাৰ্তা প্ৰকাশ কৰা হয় । লখিমপুৰৰ মুংফ্ৰি ৰেষ্টুৰেণ্টত অনুষ্ঠিত সভাখনত পৰিষদৰ নেতৃত্বই কয় যে আহোম সকলৰ নৱ প্ৰজন্মক উদ্বুদ্ধ কৰি ৰাজনৈতিক, সামাজিকভাৱে সজাগ সচেতন কৰি ৰাজ্য অথবা ৰাষ্ট্ৰৰ কামকাজত ব্ৰতী কৰাৰ বাবে পৰিষদে কাম কৰি আহিছে(Delimitation of Constituencies) ।

আহোমসকলৰ সৰ্বাংগীন বিকাশৰ হকে কাম কৰিবলৈ পৰিষদ দায়বদ্ধ । পিছে চৰকাৰৰ কিছু কাম কাজে পৰিষদক ক্ষুণ্ণ কৰি তুলিছে । বিশেষকৈ বিধানসভা সমষ্টি পুনৰ গঠন কৰিবলৈ লোৱাতো টাই আহোম জাতীয় পৰিষদে কোনো কাৰণত মানি নলয় বুলি উল্লেখ কৰে । উজনি অসমৰ ৪২ টা সমষ্টিৰ সৰহ ভাগৰ পৰাই ৰাজকোষ টনকিয়াল হৈ আহিছে । আনকি উজনি অসমৰ সমষ্টিৰ পৰাই ৰাজ্যৰ অৰ্থ নীতি জোৰা মৰিছে বুলিলেও অত্যুক্তি কৰা নহয় বুলি উক্ত সভাত উল্লেখ কৰে ।

কিন্তু চৰকাৰে সমষ্টি বিলোপ কৰি অৰ্থনীতিৰ ক্ষেত্রত বিৰূপ প্ৰভাৱ পেলাব খুজিছে । পৰিষদৰ নেতৃত্বই কয় ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ আদি জিলাৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত এটাকৈ সমষ্টি বিলোপ হ'ব । চৰকাৰৰ এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব আৰু পৰিষদে ইয়াৰ বিৰোধিতা কৰি যাব । ইয়াৰ পিছতো যদি চৰকাৰে জোৰ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰে তেন্তে পৰিষদে উজনি অসমক সামৰি এখন পৃথক ৰাজ্যৰ দাবী কৰিবলৈ বাধ্য হৈ পৰিব বুলি উল্লেখ কৰে পৰিষদৰ বিষয়ববীয়াই(TAJP Demand for a separate state comprising Assam) ।

সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত বিৰোধিতা কৰি টাই আহোম জাতীয় পৰিষদে চৰকাৰক এইদৰে সকীয়নি প্ৰদান কৰে । টাই আহোম জাতীয় পৰিষদৰ এই বিশেষ সভাখনত সভাপতিত্ব কৰে পৰিষদৰ কাৰ্যকৰী সভাপতি ড৹ দয়ানন্দ বৰগোঁহায়ে । সম্পাদক অমৰজ্যোতি আৰন্ধৰাই উদেশ্য ব্যাখা কৰা সভাখনত পৰিষদৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ বৰা, সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰ, বিশিষ্ট নাগৰিক ধৰ্মেশ্বৰ গগৈ, অঞ্জনা গোঁহাই, মন্দিৰা চাংমাই, চক্ৰ গগৈ, গুণ ফুকন, ডাঃ কিৰণ গগৈ, ঘন বৰগোঁহাই, পৰিষদৰ সম্পাদক ডিপুল তামুলী ফুকন, উপ সভাপতিদ্বয় প্ৰদীপ বুঢ়াগোহাঁই, ৰাজকুমাৰ চেতিয়াকে ধৰি শতাধিক লোকে অংশগ্রহণ কৰে ।

লগতে পঢ়ক: Eviction drive against encroachments: সোমবাৰে শিলসাঁকো বিলত চলিব প্ৰশাসনৰ বুলড’জাৰ

Last Updated : Feb 27, 2023, 12:42 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.