ETV Bharat / state

তিনি পৃষ্ঠাযোৰা Suicide Note লিখি আত্মহত্যা বোৱাৰীৰ - নাৰায়ণপুৰত তিনি পৃষ্ঠাযোৰা চুইচাইড নোট লিখি আত্মহত্যা বোৱাৰীৰ

তিনি পৃষ্ঠাযোৰা চুইচাইড নোট(Suicide Note) লিখি আত্মহত্যা(suicide) কৰে দোৰপাঙৰ এগৰাকী বিবাহিত মহিলাই ৷ মহিলাগৰাকী হৈছে লীলা শইকীয়াৰ পত্নী কৰবী ভূঞা ৷ স্বামী-স্ত্ৰীৰ মাজৰ সংঘাতৰ ফলতে কৰবী ভূঞাই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে কৰবীৰ আত্মীয়ই ৷

নাৰায়ণপুৰত তিনি পৃষ্ঠাযোৰা চুইচাইড নোট লিখি আত্মহত্যা বোৱাৰীৰ

author img

By

Published : Jun 24, 2021, 10:33 PM IST

বিহপুৰীয়া,24 জুন : নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দোৰপাঙত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ কৰবী ভূঞা নামৰ এগৰাকী মহিলাই বৃহস্পতিবাৰে পুৱা প্ৰায় ১০:৩০ বজাত চিপ লৈ আত্মহত্যা কৰে । স্বামীৰ লগত সুখী হ'ব নোৱাৰি কৰবী ভূঞাই আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে কৰবীৰ আত্মীয়ই ৷

জানিব পৰা মতে, বিগত মাঘ মাহত নাৰায়ণপুৰৰ সমীপৰ শিঙীয়া গাঁৱৰ লীলা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰবী ভূঞাই । বৰলাপাৰ গাঁৱৰ ললিত ভূঞাৰ কন্যা কৰবী ভূঞাই খেৰাজখাট মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাষিকত অধ্যয়নৰত আছিল ৷ অভিযোগ অনুসৰি, পৰিয়ালৰ হেঁচাত পৰি বিবাহ পাশত আৱদ্ধ হৈছিল কৰবী ভূঞাই ৷

নাৰায়ণপুৰত তিনি পৃষ্ঠাযোৰা চুইচাইড নোট লিখি আত্মহত্যা বোৱাৰীৰ
নাৰায়ণপুৰত তিনি পৃষ্ঠাযোৰা চুইচাইড নোট লিখি আত্মহত্যা বোৱাৰীৰ

অভিয়োগ অনুসৰি, বিয়াৰ কিছুদিন পাচৰে পৰাই কৰবী ভূঞাৰ সংসাৰত কিছু খেলি-মেলিৰ সৃষ্টি হৈছিল ৷ দিন বগৰাৰ লগে লগে দুয়োৰে মাজত বৃদ্ধি পাবলৈ ধৰিছিল দূৰত্ব । ক্ৰমান্বয়ে দম্পতীহালৰ মাজত বৈবাহিক সম্পৰ্কত ফাঁট মেলিবলৈ ধৰিলে ৷

উল্লেখ্য যে, সামাজিকভাৱে দুয়োৰে মাজত বৈবাহিক সম্পৰ্ক সম্পন্ন হৈছিল ৷ কিন্তু শেহতীয়াকৈ দুই স্বামী-স্ত্ৰীৰ মাজত সকলো সম্পৰ্কৰ অৱসান ঘটে ৷ এই সকলোবোৰ কথা সহজে ল’ব পৰা নাছিল লীলা শইকীয়াৰ পত্নী কৰবী ভূঞাই ৷

যাৰফলত মানসিকভাৱে ভাগি পৰে কৰবী ৷ পৰিণতিত আত্মহত্যাৰ দৰে চৰম পথ বাচি ল’লে কৰবীয়ে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

উল্লেখ্য যে, আত্মহত্যাৰ পূৰ্বে তিনি পৃষ্ঠাযোৰা চুইচাইড নোট (Suicide Note) লিখি থৈ যায় মৃত বোৱাৰী গৰাকীয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততইহে পোহৰলৈ আহিব বোৱাৰী গৰাকীৰ আত্মহত্যাৰ প্ৰকৃত ৰহস্য ।

লগতে পঢ়ক: 'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.