ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত SUCIৰ প্ৰতিবাদ

author img

By

Published : Jun 13, 2022, 9:57 PM IST

সোমবাৰে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত এছ ইউ চি আইৰ প্ৰতিবাদ (SUCI protest against price hike in Lakhimpur) ৷

SUCI protest against-price-hike in Lakhimpur
মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত SUCIৰ প্ৰতিবাদ

লখিমপুৰ,১৩ জুন: লখিমপুৰত সোমবাৰে ছচিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) চমুকৈ এছ ইউ চি আইৰ লখিমপুৰ জিলা সমিতিয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণ বিক্ষোভ আৰু প্ৰতিবাদী পথসভা আয়োজন কৰে (SUCI protest against price hike in Lakhimpur) ।

প্ৰতিবাদী দলটোৱে লখিমপুৰ নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমাৱেত হৈ গণ বিক্ষোভ কাৰ্যসূচীৰ লগতে প্ৰতিবাদী পথ সভাৰো আয়োজন কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ (Price hike in Assam) বাবে চৰকাৰক কঠোৰ সমালোচনা কৰে দলটোৱে ।

লগতে প্ৰতিবাদী দলটোৱে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পাঁচদফীয়া এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে এছ ইউ চি আইয়ে (Memorandum to Assam CM) ৷

মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, পেট্ৰ’ল ডিজেলৰ ওপৰত আৰোপিত কৰ প্ৰত্যাহাৰ কৰা, ৰন্ধন গেছৰ দাম হ্ৰাস কৰাৰ লগতে দুখীয়া ৰাইজৰ ক্ৰয় ক্ষমতাৰ লগত সংগতি ৰাখি মূল্য নির্ধাৰণ কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰাইজক সকলো সামগ্ৰীৰ যোগান ধৰাৰ দাবী জনায় ৷

ইয়াৰোপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ খুচুৰা আৰু পাইকাৰী বেপাৰৰ ক্ষেত্ৰত পূৰ্ণাংগ ৰাষ্ট্ৰীয় বাণিজ্য নীতি প্ৰৱৰ্তন কৰি দাম নিয়ন্ত্ৰণ কৰিবলৈও স্মাৰক পত্ৰখনৰ জড়িয়তে দাবী জনায় ।

লগতে পঢ়ক: লখিমপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.