ETV Bharat / state

Lakhimpur Sewage Disposal Scheme: সম্পদলৈ ৰূপান্তৰিত লখিমপুৰৰ আৱৰ্জনা - Lakhimpur Dumping Ground

বছৰ বছৰ ধৰি জমা হৈ থকা আৱৰ্জনা এতিয়া বিক্ৰী কৰিছে লখিমপুৰ পৌৰসভাই । এসময়ত ডাম্পিং গ্ৰাউণ্ড বন্ধৰ বাবে প্ৰতিবাদ হৈছিল আৰু এতিয়া তাত সৃষ্টি হৈছে সম্পদ (Lakhimpur Municipal board initiative)। লখিমপুৰ পৌৰসভাৰ ২৬৭ কোটি টকীয়া জাৱৰ নিষ্কাশন আঁচনিৰ সফল ৰূপায়ণ ।

Lakhimpur
সম্পদলৈ ৰূপান্তৰিত লখিমপুৰৰ আৱৰ্জনা
author img

By

Published : Jan 4, 2023, 4:42 PM IST

সম্পদলৈ ৰূপান্তৰিত লখিমপুৰৰ আৱৰ্জনা

লখিমপুৰ,৪ জানুৱাৰী : লখিমপুৰবাসীৰ বাবে সুখবৰ । জিলাখনৰ আৱৰ্জনাবোৰ এতিয়া সম্পদলৈ ৰূপান্তৰিত হৈছে । ডাম্পিং গ্ৰাউণ্ডৰ জাৱৰ ক্ৰয় কৰিছে মেঘালয়ে । আচৰিত যেন লাগিলেও লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু পৌৰসভাৰ উদ্যোগত এয়া সম্ভৱ হৈ উঠিছে (Lakhimpur Municipal board initiative)।

উল্লেখ্য যে প্ৰায় ত্ৰিশ বছৰ ধৰি লখিমপুৰ পৌৰসভাৰ চান্দমাৰীত থকা ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনাসমূহ পেলাই থকা হৈছে । ফলত পৰিৱেশ প্ৰদূষণৰ লগতে উক্ত এলেকা দুৰ্গন্ধময় হৈ পৰিছে । আনকি ওচৰৰ পথেৰে যাতায়ত কৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে । যাৰ বাবে এই ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ বাবে বিভিন্ন সময়ত একাংশ স্থানীয় দল-সংগঠনে দাবী কৰি আহিছে । আনকি পৌৰসভা আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত সংগঠনসমূহে প্ৰতিবাদো সাব্যস্ত কৰিছে ।

পিছে এই আৱৰ্জনাসমূহ এতিয়া সম্পদলৈ পৰিণত কৰা হৈছে । জাৱৰ নিষ্কাশনৰ বাবে কোটি টকীয়া আঁচনি ৰূপায়ণ কৰা হৈছে । আনহাতে ৰাজ্যৰ ভিতৰতে সফল হৈছে লখিমপুৰ পৌৰসভাৰ ২৬৭ কোটি টকীয়া জাৱৰ নিষ্কাশন আঁচনি (Sewage Disposal Scheme in Lakhimpur)। সুদীৰ্ঘ ৩০ বছৰ ধৰি জমা হৈ পাহাৰৰ ৰূপ লোৱা উত্তৰ লখিমপুৰ পৌৰসভাৰ চান্দমাৰী ডাম্পিং গ্ৰাউণ্ডৰ পৰা প্লাষ্টিক আৱৰ্জনা এতিয়া প্ৰেৰণ কৰা হয় চুবুৰীয়া ৰাজ্য মেঘালয় লৈ ।

মেঘালয়ৰ চিমেণ্ট নিৰ্মাণকাৰী কোম্পানীয়ে ক্ৰয় কৰে প্লাষ্টিক আৱৰ্জনাবোৰ । যি সময়ত ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰা এই ডাম্পিং গ্ৰাউণ্ডটো সকলোৰে বাবে মূৰৰ কামোৰণিত পৰিণত হৈছিল । এতিয়া যান্ত্রিক প্ৰক্ৰিয়াৰে আৱৰ্জনা নিষ্কাশন কৰি ডাম্পিং গ্ৰাউণ্ডটোৰ পৰা প্লাষ্টিক জাতীয় জাৱৰ প্ৰেৰণ কৰা হয় চিমেণ্ট কোম্পানীলৈ ।

আনহাতে ৰৈ যোৱা মাটি আৰু আৱৰ্জনাখিনি সাৰ হিচাপে ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে । এই সাৰবোৰো বিক্ৰীৰ ব্যৱস্থা কৰিছে পৌৰসভাই । কল এণ্ড ফিস্ক নামৰ কোম্পানীৰ সহযোগত পৌৰ সভাই লৈছে এই আদৰণীয় পদক্ষেপ ।

উল্লেখ্য যে এতিয়াৰে পৰা লখিমপুৰ পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডত আৱৰ্জনাৰ দম নাথাকে (Lakhimpur Dumping Ground)। আৱৰ্জনাসমূহ লগে লগে সম্পদলৈ পৰিণত কৰা হ'ব । ইয়াৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ ৰোধ হোৱাৰ লগতে ডাম্পিং গ্ৰাউণ্ডও মুকলি হৈ থাকিব । লখিমপুৰ পৌৰসভাৰ সহযোগত এই জাৱৰ প্ৰেৰণ কাৰ্যসূচীৰ শেহতীয়াকৈ শুভাৰম্ভ কৰা হয় ।

লক্ষণীয়ভাৱে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীতো দীৰ্ঘদিন ধৰি ডাম্পিং গ্ৰাউণ্ডক লৈ এক বিবাদ চলি আহিছে । কিন্তু লখিমপুৰ পৌৰসভাৰ এনে পদক্ষেপে নিশ্চিতভাৱে গুৱাহাটী পৌৰ নিগমকো এই বিষয়ে ভাবিবলৈ বাধ্য কৰিব ।

লগতে পঢ়ক:Beautiful Sight of Kaziranga National Park : কাজিৰঙাত পুনৰ বনৰজাৰ বিচৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.