ETV Bharat / state

Students protest : শিক্ষকক বিচাৰি শ্ৰেণী কোঠা এৰিলে কণ কণ শিক্ষাৰ্থীয়ে

author img

By

Published : Aug 16, 2023, 2:53 PM IST

কৰ্চ্চন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ ৷ এগৰাকী শিক্ষকক বিচাৰি শিক্ষাৰ্থী, অভিভাৱকসকলে কৰে প্ৰতিবাদ ৷

Students protest against teacher transfer in Lakhimpur
শিক্ষকক বিচাৰি শ্ৰেণী কোঠা এৰিলে কণ কণ শিক্ষাৰ্থীয়ে

লখিমপুৰ, 16 আগষ্ট: লখিমপুৰত শিক্ষকক বিচাৰি শ্ৰেণী কোঠা এৰি পথলৈ ওলাল কণ কণ শিক্ষাৰ্থী । লখিমপুৰত বুধবাৰে পুৱা শ্ৰেণীকোঠা এৰি শিক্ষকক বিচাৰি পথলৈ ওলাল একাংশ কণ কণ ছাত্র ছাত্রী । লখিমপুৰ নগৰৰ সমীপৰ কৰ্চ্চন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হয় এই পৰিৱেশৰ । লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 1948 চনত স্থাপিত হোৱা কৰ্চ্চন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সোণেশ্বৰ গগৈক বিচাৰি কণ কণ শিক্ষাৰ্থী পথলৈ ওলায় আহে । তেওঁলোকক সহযোগিতা কৰে অভিভাবকৰ লগতে গাওঁখনৰ স্থানীয় লোকে ।

জানিব পৰা মতে, সোনেশ্বৰ গগৈ নামৰ শিক্ষকজনক বিভাগে বদলিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতেই সৃষ্টি হয় এই পৰিৱেশৰ। অভিভাৱক-শিক্ষাৰ্থীসকলে 'সোণেশ্বৰ চাৰক লাগে' শীৰ্ষক শ্লোগান দি শ্ৰেণী বৰ্জন কৰি পথলৈ ওলাই আহে । বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলে শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীকো 'সোণেশ্বৰ চাৰক ঘুৰাই দিয়ক' বুলি আহ্বান জনায় । অভিভাবকসকলেও শিক্ষকজনক ঘূৰাই দিবলৈ চৰকাৰ তথা শিক্ষা বিভাগৰ প্ৰতি আহ্বান জনায় ।

ছাত্র-ছাত্রী তথা অভিভাৱকসকলে কয় যে, সোণেশ্বৰ গগৈ নামৰ শিক্ষকজন কেৱল দৰমহা খোৱা নিয়মমাফিক শিক্ষক নাছিল । তেওঁ অঞ্চলটোৰ ছাত্র ছাত্রীসকলৰ বাবে অশেষ কষ্ট কৰিছিল । অসুস্থ দেহাৰে ৰ’দ-বৰষুণ আওকাণ কৰি তেওঁ ছাত্র-ছাত্রী সকলক পঢুৱাইছিল । আনকি বন্ধৰ দিনতো তেওঁ শিক্ষাৰ্থীসকলক পঢুৱাইছিল ৷

এনে এগৰাকী দৰদী, নিষ্ঠাবান শিক্ষকক অলপতে বিভাগে বদলিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰৰ পিচতে শিক্ষাৰ্থী তথা অভিভাৱকসকলে উক্ত সিদ্ধান্ত সলাবলৈ বিভাগলৈ আহ্বান জনাই আহিছে । অঞ্চলটোৰ অভিভাৱক তথা কণ কণ ছাত্র ছাত্রীৰ সৈতে অন্তৰংগ হৈ পৰা শিক্ষকজনক কৰ্চ্চন প্ৰাথমিক বিদ্যালয়লৈ পুনৰ ঘূৰাই দিবলৈ সকলোৱে চৰকাৰ তথা শিক্ষা বিভাগক আহ্বান জনাইছে ।

লগতে পঢ়ক : Assam police BMI test: অগ্নিপৰীক্ষা আৰম্ভ ! তিনিমাহত কিমান মেদ কমালে অসম আৰক্ষীয়ে; 35 টা স্থানত চলিছে পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.